নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত কাঠফলা মিল জব্দ : অভিযানকালত গুৰুতৰভাৱে আহত বন বিষয়া

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : পৰ্বতঝোৰাৰ মহকুমাৰ অন্তৰ্গত টিপকাই উপ-আৰক্ষী চকী  তথা খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন ফুলকুমাৰীত কালি এক গোপন সূত্ৰৰ ভিত্তিত বন বিভাগৰ দলে চলোৱা অভিযানত এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অপৈণত চোৰাং কাঠৰ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত বাতৰি মতে, পৰ্বতঝোৰা বন সুৰক্ষা বাহিনীৰ বন বিষয়া ৰাজীৱ দত্তৰ লগতে খোৰাঘাট বনাঞ্চলিক বিষয়া অভিজিত দুৱাৰ নেতৃত্বত বন কৰ্মৰ দলে দুৰ্গম পাহাৰীয়া ফুলকুমাৰীত এই অভিযান চলায়। জানিব পৰা মতে, দীৰ্ঘ দিনৰ পৰা অবৈধ ভাবে চলি থকা এই অবৈধ কাঠফলা মিল লগতে এই অপৈণত চোৰাং কাঠসমুহ জব্দ কৰে। জব্দ কৰা এই সামগ্ৰীসমূহ বন বিভাগৰ জৰিয়তে চাৰিটা টেক্টৰৰ জৰিয়তে বন বিভাগৰ কাৰ্যালয়লৈ অনা হয় বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত এই অবৈধ কাৰবাৰৰ লগত জড়িত চোৰাং বেপাৰীসকলে পলাই সাৰে। এই অভিযান কালত পৰ্বতঝোৰা বন সুৰক্ষা বাহিনীৰ বন বিষয়া ৰাজীব দত্তই দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক পাৰ্থসাৰথি চক্ৰৱৰ্তী

You might also like