নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপচী বিমানবন্দৰৰ পৰা আৰম্ভ যাত্ৰীবাহী বিমান সেৱা

🔹 সপ্তাহত তিনি দিন গুৱাহাটী-কলকাতাৰ মাজত ৰূপচী হৈ যাতায়াত কৰিব বিমান

নিয়মীয়া বাৰ্তা,  ১৭ অক্টোবৰ : আজিৰ পৰা পুনৰ যাত্ৰীবাহী বিমানৰ চলাচল আৰম্ভ হ’ল পশ্চিম অসমৰ ৰূপচী বিমানবন্দৰৰ পৰা। নিৰ্ধাৰিত সময়তকৈ পলমকৈ হ’লেও আজি দুপৰীয়া গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰূপচীত উপস্থিত হয় এলায়েঞ্চ এয়াৰৰ এখন যাত্ৰীবাহী বিমান। প্ৰথমাৱস্থাত মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ- সপ্তাহৰ এই তিনি দিন গুৱাহাটী আৰু কলকাতাৰ মাজত ৰূপচী বিমানবন্দৰ হৈ যাতায়াত কৰিব এলায়েন্স এয়াৰৰ বিমান। উল্লেখ্য যে আজি বন্তি প্ৰজ্বলনেৰে ৰূপচী বিমানবন্দৰৰ এই নতুন যাত্ৰাৰ শুভাৰম্ভ কৰে অসমৰ চৰকাৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই। উল্লেখনীয় যে ধুবুৰী জিলা সংলগ্ন তথা বৰ্তমানে বিটিএডিৰ ৰূপচী বিমানবন্দৰৰ আছে এক ইতিহাস। দৰাচলতে তদানীন্তন বেংগল প্ৰভিঞ্চৰ অন্তৰ্ভুক্ত ৰূপচীত ব্ৰিটিছে দ্বিতীয় মহাসমৰৰ সময়ত  নিৰ্মাণ কৰা এই বিমানবন্দৰটো আছিল সামৰিক বিমানবন্দৰ৷ প্ৰায় ২৫০০ বিঘা মাটিত মূলতঃ সেনা আৰু সমৰাস্ত্ৰ পৰিবহণ কৰাৰ বাবে নিৰ্মাণ কৰা ৰূপচী বিমানবন্দৰৰ ৰানৱেৰ দৈৰ্ঘ্য আছিল ৬০০০ ফুট। মুঠ ৫২খনকৈ জেট বিমান ৰখাৰ “হেংগাৰ”ৰ উপৰি টাৰ্মিনাল বিল্ডিঙৰ লগতে গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থাও আছিল বিমানবন্দৰটোত। স্বাধীনতাৰ পিছত অসমৰ পুৰণি গোৱালপাৰা জিলাত পৰিছিল ৰূপচী। পিছত গোৱালপাৰা জিলাৰ পৰা ধুবুৰী জিলা আৰু বৰ্তমানে বিটিএডিৰ অন্তৰ্ভুক্ত এই বিমানবন্দৰ সহ সংলগ্ন অঞ্চল। অৱশ্যে স্বাধীনতাৰ পিছত সামৰিক নহয়, অসামৰিক বিমানবন্দৰ ৰূপেহে ব্যৱহৃত হ’বলৈ লৈছিল ৰূপচী। ষাঠিৰ দশকত ইয়াৰ পৰা পশ্চিমবংগৰ কোচবিহাৰ আৰু শিলিগুৰি হৈ কলকাতাগামী ডাকোটা বিমান নিয়মিতভাৱে অহা-যোৱা কৰিছিল। আনকি ১৯৮০ চনত ৰূপচী বিমানবন্দৰৰ পৰা গুৱাহাটীৰ বৰঝাৰগামী বিমান সেৱাও আৰম্ভ কৰিছিল। কিন্তু মাথোঁ ২ বছৰতেই বন্ধ হৈ গৈছিল সেই সেৱাও। ১৯৮২ চনত অন্তিমবাৰৰ বাবে বায়ুদূতৰ এখন বিমানে ইয়াৰ পৰা যাত্ৰা কৰিছিল। তাৰ পিছত দীৰ্ঘ ৩৯ বছৰ পিছত পুনৰ বিমান সেৱা আৰম্ভ হৈছিল ৰূপচীৰ পৰা। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ  “উড়ান-২” নামৰ এক আঁচনিৰ অধীনত পুনৰ ৰ্নিমাণ কৰা হৈছে এই বিমানবন্দৰটো। সেই আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰে প্ৰথম পৰ্যায়ত মোকলাই দিয়া ৪০ কোটি টকা আৰু দ্বিতীয় পৰ্যায়ৰ ৬৯ কোটি টকাকে ধৰি সৰ্বমুঠ ১০৯ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছে ৰূপচী বিমানবন্দৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like