নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিপুৰাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিমানযাত্ৰী

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল এখন বিমান। ত্ৰিপুৰাত এখন বিমান অৱতৰণৰ পূৰ্বে এগৰাকী যাত্ৰীৰ এক আচৰিত ঘটনাৰ বাবে কথমপি ৰক্ষা পৰে বিমান যাত্ৰীসকল। এয়াৰ হোষ্টোজৰ বাবেই ৰক্ষা পৰিল বহু বিমান যাত্ৰী। ত্ৰিপুৰাত হৃদয়বিদাৰক খবৰ। এজন যাত্ৰীয়ে এখন বিমান অৱতৰণৰ আগতেই বিমানখনৰ গেটখন খুলিবলৈ চেষ্টা কৰিছিল। যাৰ বাবে বিমানৰ লোকসকলে ভয় খাইছিল। আজি এজন যাত্ৰীয়ে গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী ইণ্ডিগ’ বিমানৰ সন্মুখৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল। ত্ৰিপুৰা আৰক্ষীয়ে সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তৰ নাম বিশ্বজিৎ দেৱনাথ আৰু তেওঁ পূব আগৰতলাৰ বাসিন্দা। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি আগৰতলাৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে অভিযুক্ত বিশ্বজিৎ দেৱনাথে হায়দৰাবাদৰ পৰা গুৱাহাটী হৈ আগৰতলালৈ গৈ আছিল ইণ্ডিগো ৬ই৪৫৭ৰ ১ডি নম্বৰ ছিটত। বিমানখন অৱতৰণ কৰিবলৈ ওলোৱাৰ সময়তে অভিযুক্তই হঠাতে দুৱাৰখনৰ ফালে দৌৰি আহি দুৱাৰখন খুলিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। অৱশ্যে ফ্লাইট ক্ৰুৰ সদস্যজনে সঠিক সময়ত তেওঁক ৰখাই দিয়ে। প্ৰতিবেদন অনুসৰি বিশ্বজিৎ দেৱনাথে বিমানৰ গেট খুলিবলৈ আগবাঢ়ি যোৱাৰ সময়ত এগৰাকী এয়াৰ হোষ্টেজে তেওঁক লক্ষ্য কৰিছিল। লগে লগে এয়াৰ হোষ্টেজে অভিযুক্তক ধৰি আন যাত্ৰীৰ সহায়ত পিছলৈ টানি লৈ যায়। ইয়াৰ পিছত অভিযুক্তই ক্ৰু মেম্বাৰৰ লগত বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু বাৰে বাৰে গেট খুলিবলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰে। আৰক্ষী বিষয়াগৰাকীৰ মতে, ক্ষুব্ধ যাত্ৰীসকলে বিমানখনৰ ভিতৰতে অভিযুক্তক বেয়াকৈ প্ৰহাৰ কৰে, যাৰ বাবে তেওঁ আহত হয়। আগৰতলাত ইণ্ডিগ’ৰ কৰ্মচাৰীৰ সৈতে চিআইএছএফৰ জোৱানসকলে সংকটজনক অৱস্থাত অভিযুক্তক উদ্ধাৰ কৰি পিছত বিমানবন্দৰ আৰক্ষী থানাত গতাই দিয়ে। আৰক্ষীৰ মতে, অভিযুক্তক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক বিপদৰ পৰা মুক্ত বুলি ঘোষণা কৰে। লগতে কোৱা হৈছে যে তেওঁ এজন ড্ৰাগছ আসক্ত। আৰক্ষীয়ে জনোৱা মতে, বিমানখনত হোৱা কাজিয়াত ক্ৰু কৰ্মী চন্দ্ৰিমা চক্ৰৱৰ্তী আৰু তেওঁৰ সহযোগী মনীষ জিন্দলো আহত হয়।

You might also like