নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত প্ৰাগজ্যোতি গ্ৰাম্য থলুৱা ক্ৰীড়াৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : অসমৰ গ্ৰাম্য জীৱনৰ লগত জড়িত পৰম্পৰাগত তথা থলুৱা খেলসমূহ সজীৱ কৰাৰ লক্ষৰে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত মাঘ বিহু উপলক্ষে আজি ২১ জানুৱাৰীত পাটাছাৰকুছি বিদ্যাপীঠৰ খেলপথাৰত “৪সংখ্যক প্ৰাগজ্যোতি গ্ৰাম্য থলুৱা ক্ৰীড়া প্ৰতিযোগিতা” খনি ৰাইজৰ ব্যাপক সহাৰিত এক উৎসৱমুখৰ পৰিবেশত অনুষ্ঠিত হৈ যায়। এইবেলিৰ প্ৰতিযোগিতাখন পাটাছাৰকুছিৰ সন্তান প্ৰাক স্বাধীনতা কালৰ কৃতী ফুটবল খেলুৱৈ, আগশাৰীৰ খেল পৰিচালক, বিশিষ্ট অভিনেতা তথা পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত গণেশ চন্দ্ৰ দেৱ চৌধুৰীৰ নামত উচৰ্গা কৰা হৈছে। সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পৰাকৈ ৫টা শাখাত তথা ১৭টা ইভেণ্টত অনুষ্ঠিত প্ৰতিযোগিতাখনত “ক’ শাখাত (পঞ্চম মানলৈ) কণ-কণ লৰা-ছোৱালীৰ সুকীয়াকৈ পাৰ-পানী, “খ” শাখাত (অষ্টম মানলৈ) সৰু লৰা-ছোৱালীৰ সুকীয়াকৈ এক ঠেঙীয়া দৌৰ, কুকুৰা যুঁজ, “গ” শাখাত (অষ্টম মানৰ পৰা স্নাতকোত্তৰ বা সমবয়সলৈ) পুৰুষৰ বস্তা পিন্ধি দৌৰ, মহিলাৰ ১০০ মিটাৰ দৌৰ, মিউজিক চিয়াৰ, “ঘ” শাখাত ( স্নাতকোত্তৰ বা সম বয়সৰ ওপৰৰ) পুৰুষৰ বস্তা পিন্ধি দৌৰ, ৫০ বছৰ উৰ্ধৰ ব্যক্তিৰ ১০০ মিটাৰ দৌৰ, দলীয় ৰছী টনা খেল, মহিলাৰ দলীয় ৰছী টনা খেল, বিবাহিত মহিলাৰ ১০০ মিটাৰ দৌৰ, “গ” আৰু “ঘ” শাখাৰ যুটীয়াভাৱে (অষ্টম মানৰ পৰা ওপৰৰ) পুৰুষৰ মন্থৰ গতিৰ চাইকেল চলন, মহিলাৰ টেকেলি ভঙা, মন্থৰ গতিৰ চাইকেল চলন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ৯:৫৯ বজাত ক্লাবৰ সভাপতি ৰফিকুল হকে পতাকা উত্তোলন কৰাৰ পিছতে প্ৰয়াত গণেশ চন্দ্ৰ দেৱ চৌধুৰীৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে তেওঁৰ পুত্ৰ ক্ৰমে পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বলেন দেৱ চৌধুৰী আৰু অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীসহ ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক শিখৰ গোস্বামী আৰু খেল পৰিচালনা সমিতিৰ সম্পাদক দিপুমনি শৰ্মাই। ইয়াৰ পিছতে প্ৰতিযোগিতাখন উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা কৈলাশ চন্দ্ৰ ৰয়ে। উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে আমিনুল হক আৰু খেল পৰিচালনা সমিতিৰ সভাপতি নিতুল শৰ্মাই। যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা প্ৰতিযোগিতাখনৰ অন্তত অনুষ্ঠিত তথা আমিনুল হক আৰু নিতুল শৰ্মাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত পুৰস্কাৰপ্ৰাপ্ত সকলক মেডেল সহ নগদ ধন প্ৰদান কৰা হয়। পুৰষ্কাৰ হিচাপে একক শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয়ক ক্ৰমে নগদ ৫০০, ৪০০ আৰু ৩০০ টকাসহ মেডেল, টেকেলি ভাঙা প্ৰতিযোগিতাত নগদ ৪০০ টকাকৈ সহ মেডেল, দলীয় শাখাত বিজয় আৰু বিজিত দলক ক্ৰমে নগদ ২০০০ আৰু ১৫০০ টকাসহ মেডেল প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনত খেল পৰিচালক হিচাপে অংশ গ্ৰহণ কৰে ক্ৰমে হেমন্ত শৰ্মা, জিতেন্দ্ৰ নাথ দাস, মনোৰঞ্জন শৰ্মা, হীৰেণ শৰ্মা, মৃন্ময় শৰ্মা, দিগন্ত গোস্বামী, হিতেশ ৰয়, গুৰুপদ চৌধুৰী, হেমন্ত কুমাৰ শৰ্মা, পূৰ্ণানন্দ হালৈ, প্ৰণৱ কলিতা, বিনয় গোস্বামী, হেমন্ত কুমাৰ ৰয়, নৃগেন ডেকা, ধনজিত শৰ্মা, নবজিত শৰ্মা, চয়নিকা তালুকদাৰ, মিনু গোস্বামী আৰু অনামিকা শৰ্মাই।

প্ৰেৰক উৎপল মেধি

You might also like