নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰুঘাটৰ ৰণক পাঠপুথিত অন্তৰ্ভুক্ত কৰক চৰকাৰে : শংকৰজ্যোতি বৰুৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ আগষ্টঃ অসমীয়া আৰু ভাৰতৰ গৌৰৱ ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদসকলৰ বাবে চৰকাৰে একোকে নকৰিলে। বৰঞ্চ ইয়াক লৈ ৰাজনীতিহে কৰিলে। এই ঐতিহাসিক পথৰুঘাটক দেশ তথা বিশ্ব দৰবাৰত চিনাকি হোৱাকৈ প্ৰতিষ্ঠা কৰিবলৈ দাবী জনালো। এইদৰে কয় আছুৰ সাধাৰণ সম্পাদক শংকৰজোতি বৰুৱাই। আজি বঢ়িচৌকা দূৰ্গা মন্দিৰ প্ৰাঙ্গনত অনুস্থিত পাথৰুঘাট আঞ্চলিক ছাত্র সন্থাৰ বাৰ্ষিক অধিবেশনৰ মুকলি সভাত বক্তব্য আগবঢ়াই সাধাৰণ সম্পাদকজনে কয় যে কেৱল ২৮ জানুৱাৰী আহিলেহে পথৰুঘাটলৈ মনত পৰে চৰকাৰৰ। কিন্তু ২৮ জানুৱাৰী দিনা জাকজমককৈ শ্বহীদ দিবস পালন কৰিলেই নহব, ইয়াৰ শ্বহীদক মৰ্য্যদা দিব পৰাকৈ চৰকাৰে প্ৰতিষ্ঠা কৰিব লাগিব বুলিও তেওঁ কয়। পাঞ্জাৱৰ জালিৱালাবাগ ঘটনাতকৈ ২৫ বছৰ পূৰ্বে পথৰুঘাটৰ ঘটনা সংঘটিত হৈছিল যদিও আজি জালিৱালাবাগক আজি ভাৰতীয় পাঠ্যক্ৰমসমুহত অন্তৰ্ভুক্ত কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিলে যদিও পথৰুঘাটৰ বাবে কোনো ব্যৱস্থা নকৰিলে বুলি সাধাৰণ সম্পাদক বৰুৱাই কয়। আনকি বুৰঞ্জী বিষয়টো আঁতৰাই দিয়াৰ লগে লগে পথৰুঘাটক পাঠ্যপুথিৰ পৰা উঠাই দিয়া বুলি অভিযোগ কৰে। তেওঁ পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু বানিজ্য শাখা মুকলিৰ লগতে বিদ্যালয়খনৰ আন্তগাঁথনি উন্নয়নৰ বাবে চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। পাথৰিঘাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ ডেকাৰ সভাপতিত্বত আৰু বিশিষ্ট চিকিৎসক ডাঃ নৰেশ্বৰ শৰ্মাই উদ্বোধন কৰা সভাখনত আছুৰ উপ সভাপতি খনিন্দ ৰাজবংশীয়ে বক্তব্য আগবঢ়াই ঐতিহাসিক পথৰুঘাট কৃষক আন্দোলনৰ বিষয়ে বহলাই বাখ্যা কৰে। ৰাজবংশীয়ে দৰং জিলা আছু আৰু পথৰুঘাট আঞ্চলিক ছাত্র সন্থাৰ অসমীয়া জাতীয় জীৱনৰ বাবে কৰা বিভিন্ন পদক্ষেপসমুহৰ বিষয়ে কয়। স্থানীয় ছাত্র নেতা তথা গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক ছাজিছ আলমে আঁত ধৰা আৰু আদৰণী সমিতিৰ সভাপতি দেবানন্দ দাসে আদৰণী ভাষন দিয়া সভাখনত মঙলদৈৰ বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক কৰ্মী ডঃ মৃন্ময় কুমাৰ নাথ, জ্যেষ্ঠ সাংবাদিক তথা অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা , দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ নাথ ডেকা, পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলাল কলিতা আদিয়ে বক্তব্য আগবঢ়াই। সভাত আছুৰ ৰাজ্যিক কায্যনিৰ্বাহক পৰাগ চহৰীয়া, দৰং জিলা ছাত্র সন্থাৰ সভাপতি ৰাজু শৰ্মা সম্পাদক হৃদয় বৰুৱা, নিৰ্মল শৈক্ষিক ন্যাসৰ সঞ্চালক উৎপল কলিতা, পাথৰুঘাট জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ইমৰান হুছেইন আদি বিশিষ্ট লোকসকল উপস্থিত থাকে। সভাত কন্ঠ শিল্পী দীপান্বিতা ডেকাই গীত পৰিৱেশন কৰে।

You might also like