নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু বজালী জিলা প্রশাসন

নিয়মীয়া বাৰ্তা, ৩ জুনঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ বজালী জিলাৰ অন্তৰ্গত ২৬নং বজালী বিধানসভা সমষ্টি আৰু ২১নং ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে। ভোট গণনা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় প্রস্তুতি বজালী জিলা প্রশাসনে সম্পূৰ্ণ কৰি তুলিছে। গণনা কার্য পর্যবেক্ষণ কৰাৰ বাবে নির্বাচনী আয়োগে বজালী জিলাৰ বাবে পর্যবেক্ষক হিচাপে ঝাৰখণ্ডৰ নীলম লতাক নিয়োগ কৰিছে আৰু সম্প্ৰতি পর্যবেক্ষকগৰাকীয়ে বজালী জিলাত বাহৰ পাতিছে। উল্লেখ্য প্রতিটো গণনা কক্ষতে ১৪খনকৈ টেবুল থাকিব আৰু ২৬নং বজালী সমষ্টিত মুঠ গণনা কাৰ্যৰ ৰাউণ্ড হ’ব ১৬টা আৰু ২১নং ভৱানীপুৰ সৰভোগ সমষ্টিৰ বাবে ৰাউণ্ড থাকিব ১৯টা। বজালী জিলা নির্বাচনী বিষয়া মৃদুল কুমাৰ দাসে আজি সংবাদ মাধ্যমক জনোৱা অনুসৰি গণনা কাৰ্যৰ বাবে সংৰক্ষিত বিষয়াকে ধৰি মুঠ ১০২গৰাকী বিষয়াক নিযুক্ত কৰা হৈছে। আনহাতে দুয়োটা সমষ্টিৰ বাবে পৃথকে পৃথকে ২৮গৰাকী মাইক্ৰ’ পৰ্যবেক্ষক, ২৮গৰাকী গণনা নিৰীক্ষক আৰু ২৮গৰাকী গণনা সহযোগীও নিয়োগ কৰা হৈছে৷ এইসকলৰ উপৰিও পর্যবেক্ষক গৰাকীক সহযোগ কৰাৰ বাবে দুগৰাকী মাইক্ৰ’ পৰ্যবেক্ষক, দুগৰাকী অতিৰিক্ত গণনা সহযোগীও নিয়োগ কৰা হৈছে। মন কৰিবলগীয়া যে গণনা কার্যত নিযুক্ত বিষয়া কৰ্মচাৰীসকলক ইতিমধ্যে দুটা পর্যায়ত পৃথকে পৃথকে প্রশিক্ষণ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ভোটগণনা কার্যত নিয়োজিত কাউন্টিং এজেন্টসকলে সমগ্র গণনা কার্য গণনা কক্ষৰ ভিতৰত সংস্থাপিত কৰা জালিৰ বাহিৰত থাকি পর্যবেক্ষন কৰিব লাগিব। ইফালে জিলা নির্বাচনী বিষয়াই জনোৱা অনুসৰি সমগ্ৰ গণনা কার্য সুশৃংখল ৰূপত সম্পাদনা কৰাৰ বাবে গণনা কেন্দ্ৰৰ চৌপাশে তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ’ব। গণনা কেন্দ্ৰৰ চৌপাশৰ লগতে গণনা কক্ষত মোবাইল ফোন কঠোৰ ভাৱে নিষিদ্ধ কৰা হ’ব। আনহাতে বিজয়ী উৎসৱ, ফটকা ফুটুওৱা ইত্যাদি নিষিদ্ধ কৰা হৈছে। জিলা নির্বাচনী বিষয়া মৃদুল কুমাৰ দাসে জনোৱা অনুসৰি ভোট গণনা কেন্দ্রস্থলত মিডিয়া চেণ্টাৰ, কমিউনিকেচন চেণ্টাৰ আৰু নিয়ন্ত্রন কক্ষ স্থাপন কৰা হৈছে। সামগ্রিকভাৱে গণনা কার্য সুকলমে সমাপন হোৱাৰ দিশত সকলোকে সহযোগ কৰাৰ বাবে জিলা নির্বাচনী বিষয়াগৰাকীয়ে আহবান জনাইছে।

প্ৰেৰক কল্যাণ কলিতা

You might also like