বিজ্ঞানেই ভগৱান আৰু ভগৱানেই বিজ্ঞানঃ ভাৰত ভূষণ দেৱচৌধুৰী
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ঈশ্বৰ বা ভগবানৰ অস্তিত্বৰ সম্পৰ্কত বিজ্ঞানে কৰা আবিষ্কাৰৰ জয়যাত্ৰা আজিও নিৰন্তৰ ৰূপত অব্যাহত আছে৷ কিন্তু স্পষ্টত কবলৈ গ’লে ভগৱান আৰু বিজ্ঞান হৈছে এটা আনটোৰ পৰিপুৰক৷ সেয়েহে কব পাৰি যে প্ৰকৃততে বিজ্ঞানেই ভগৱান আৰু ভগৱানেই বিজ্ঞান৷ এই তাৎপৰ্যপূৰ্ণ মন্তব্য বজালী জিলাৰ উপায়ুক্ত তথা লেখক ভাৰত ভূষণ দেৱ চৌধুৰীৰ৷ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে অসম বিজ্ঞান সমিতিৰ বজালী শাখাৰ উদ্যোগত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত “বিজ্ঞান আৰু ভগৱানৰ ইচ্ছা” শীৰ্ষক এক বক্তৃতানুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি দেৱ চৌধুৰীয়ে কয় যে বিজ্ঞানৰ চমকপ্ৰদ আৰু সত্যসন্ধানী যাত্ৰাই ঈৰ্ষণীয় ৰূপত মানৱ সভ্যতাক সমৃদ্ধ কৰিছে আৰু মানৱ সভ্যতায়ো বিজ্ঞানৰ আৱিষ্কাৰৰ ফলশ্ৰুতিতেই প্ৰতিনিয়ত নতুন দৃষ্টিভংগীৰে সন্মুখলৈ খোজ পোনাবলৈ অগ্ৰসৰ হৈছে৷ অসম বিজ্ঞান সমিতিৰ বজালী শাখাৰ কাৰ্যকৰী সভাপতি তথা বিশ্ববিদ্যালয়খনৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ভূপেন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানটোত দেৱ চৌধুৰীয়ে ভাৰতৰ কেবাগৰাকীও লব্ধ প্ৰতিষ্ঠিত বিজ্ঞানীৰ জীৱন চৰ্যাৰ উদ্ধৃতিৰে আলোকপাত কৰা বক্তৃতাই শিক্ষাৰ্থীসকলক মুগ্ধ কৰে৷ অসম বিজ্ঞান সমিতিৰ বজালী শাখাৰ সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ ভূগোল বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° জোতিষ্ময় বৰাই উদ্দেশ্য বাখ্যা কৰি আঁত ধৰা এই সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড° বিৰিঞ্চি কুমাৰ দাসে বিজ্ঞান দিৱসৰ তাৎপৰ্যৰ লগতে বিজ্ঞানী চি ভি ৰমণৰ জীৱন আৰু কৰ্মৰ ওপৰত মনোজ্ঞ বিশ্লেষণ আগবঢ়ায়৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ অৱসৰী সহযোগী অধ্যাপক ড° দিপালী দেৱীয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এই বৰ্ষৰ মূল বিষয় “বহনক্ষম ভবিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বিত অভিগমন”ৰ ওপৰত বিতং বাখ্যা দাঙি ধৰে। নিজৰ ভাষণত ড° দেৱীয়ে অসমৰ পাট আৰু এৰি শিল্পৰ বৰ্তমানৰ অৱস্থা, সমস্যা আৰু ভৱিষ্যতৰ সম্ভাবনীয়তাৰ বিষয়েও মন্তব্য আগবঢ়ায়৷ অসম বিজ্ঞান সমিতিৰ বজালী শাখাৰ সহ: সম্পাদক ড° অক্ষয় কুমাৰ হালৈয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটা সমূহ বিতৰণ কৰা হয়৷ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোৰ আৰম্ভনিতে জাতীয় সংগীত পৰিৱেশন কৰা হয় আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়।
প্ৰেৰক কল্যাণ কলিতা