নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিটা স্থান দখলেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

📌 সপ্তম স্থানত কস্মিতা, অষ্টম স্থানত প্ৰতীক্ষা-দৃষ্টি, নৱম স্থানত কাব্যশ্ৰী

নিয়মীয়া বাৰ্তা, ৬ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ দুগৰাকীকৈ কৃতী শিক্ষাৰ্থীয়ে স্থান দখল কৰাৰ সমান্তৰালকৈ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত শিক্ষানুষ্ঠানখনৰ তিনিগৰাকী শিক্ষাৰ্থীৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ এগৰাকী শিক্ষাৰ্থী মুঠ চাৰিগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল শিক্ষানগৰী হিচাপে পৰিচিত পাঠশালালৈ ৷ অসমৰ শৈক্ষিক মানচিত্ৰত অনবদ্য অৱদান আগবঢ়াই প্ৰতিবছৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সক্ষম হোৱা নামনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ তিনিগৰাকী ছাত্ৰী ক্ৰমে প্ৰতীক্ষা ভূঞা আৰু দৃষ্টি এন জি বৰ্মনে অষ্টম আৰু কাব্যশ্ৰী দাসে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ পাঠশালাৰ প্ৰগতি নগৰ নিৱাসী তথা টিহু মহাবিদ্যালয়ৰ গণিত বিষয়ৰ আধ্যাপক ৰমা কান্ত ভূঞা আৰু মধ্য বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কবিতা তালুকদাৰৰ কন্যা প্ৰতীক্ষা ভূঞাই ইংৰাজীত ৯৪ অসমীয়াত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৬, অৰ্থনীতি বিজ্ঞানত ৯৮, নৃতত্ব বিভাগত ৯৭ আৰু গণিতত ৮৬ নম্বৰৰে মুঠ ৪৭৯ নম্বৰ লাভ কৰে ৷ পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় নাৰাখি পঢ়া-শুনা কৰা প্ৰতীক্ষাই আজৰি সময়ত গান শুনি আৰু কিতাপ পঢ়ি ভাল পায় ৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি এগৰাকী ভাল প্ৰশাসনিক বিষয়া হোৱাৰ হেঁপাহ পুহি ৰাখিছে৷ আনহাতে, শিক্ষানুষ্ঠানখনৰ আন এগৰাকী ছাত্ৰী পাঠশালাৰ মুগুৰীয়া নিৱাসী লেবৰেটৰী টেকনিচিয়ান নৱজিৎ বৰ্মন আৰু গৃহিণী গীতিকা বৰ্মনৰ কন্যা দৃষ্টি এন জি বৰ্মনে ইংৰাজীত ৮৮, অসমীয়াত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৭, শিক্ষাত ৯৯, নৃতত্ব বিভাগত ৯৮ আৰু তৰ্কবিজ্ঞানত ১০০ নম্বৰৰে মুঠ ৪৭৯ নম্বৰ লাভ কৰে ৷ দৈনিক দহ ঘণ্টাকৈ পঢ়া-শুনা কৰা দৃষ্টিয়ে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মনেৰে বৰ্তমান কটন বিশ্ববিদ্যায়ত স্নাতক পাঠ্যক্ৰম পঢ়িব ৷ আজৰি সময়ত ৰূপসজ্জা কৰি, অভিনয়-নৃত্য কৰি তথা আবৃত্তি কৰি ভাল পোৱা দৃষ্টিয়ে তৰ্কশাস্ত্ৰত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে৷ শিক্ষানুষ্ঠানখনৰ আন এগৰাকী শিক্ষাৰ্থী তথা শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰদীপ কুমাৰ দাস আৰু বিষয় শিক্ষয়িত্ৰী গীতা চৌধুৰীৰ কন্যা কাব্যশ্ৰী দাসে কলা শাখাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাব্যশ্ৰীয়ে ইংৰাজীত ৯৩, বিকল্প ইংৰাজীত ৯৬, ৰাজনীতি বিজ্ঞানত ৯৮, নৃতত্ব বিজ্ঞানত ৯৬, বুৰঞ্জীত ৯৪ আৰু ভূগোল বিজ্ঞানত ৯২ সহ মুঠ ৪৭৭ নম্বৰ লাভ কৰে ৷ দিল্লী, তেজপুৰ নাইবা হাইদৰাবাদত অধ্যয়ন কৰি ভৱিষ্যতে বুৰঞ্জী নাইবা ইংৰাজী বিষয়ৰ অধ্যাপক হোৱাৰ আশা মনত পুহি ৰখা কাব্যশ্ৰীয়ে পঢ়াৰ বাবে কোনো নিৰ্ধাৰিত সময় ৰখা নাছিল ৷ আজৰি সময়ত কিতাপ পঢ়ি আৰু গান শুনি, বিশেষকৈ টেইলৰ চুইফটৰ গান শুনি ভাল পায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ নিজৰ ফলাফলত উৎফুল্লিত হৈ পৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ সৈতে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ এই সাফল্যৰ বাবে আনন্দ প্ৰকাশ কৰি ইয়াৰ সমগ্ৰ কৃতিত্ব শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃৃ-মাতৃৰ লগতে শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকা আৰু ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকাৰ সাহস আৰু প্ৰেৰণাৰ কথা উল্লেখ কৰে ৷ আনহাতে, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী কস্মিতা শৰ্মাই ইংৰাজীত ৯১, অসমীয়াত ৯৭, অৰ্থনীতিত ৯৬, ভূগোল বিজ্ঞানত ১০০, তৰ্কশাস্ত্ৰত ৯৬ আৰু ৰাজনীতি বিজ্ঞানত ৮৭ নম্বৰৰে মুঠ ৪৮০ নম্বৰ লাভ কৰে৷ টিহু নিবাসী শিক্ষক দ্বিজেন্দ্ৰ শৰ্মা আৰু গৃহিণী কল্পনা ভাগৱতীৰ কন্যা কস্মিতাই পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় ধৰি লোৱা নাছিল ৷ ভূগোল বিজ্ঞানত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা তথা আজৰি সময়ত গান শুনি ভাল পোৱা কস্মিতাৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হবলৈ মন৷ ছাত্ৰীগৰাকীৰ এই ফলাফলত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ অধ্যক্ষ মনোজ কলিতা, সমন্বয়ক ধীৰাজ শৰ্মা সহিতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সন্তোষ প্ৰকাশ কৰে ৷ আনন্দৰাম বৰুৱা একাডেমীৰ স্থানপ্ৰাপ্ত শিক্ষাৰ্থী তিনিগৰাকীক লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠশালা নগৰৰ মাজেৰে এক শোভাযাত্ৰা উলিয়াই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ আনহাতে, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ স্কুলৰো শিক্ষক-শিক্ষাৰ্থীসকলে পাঠশালা নগৰত শোভাযাত্ৰাৰে আনন্দ প্ৰকাশ কৰে ৷ আজিৰ এই কাংক্ষিত ফলাফলত আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকাই শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিশ্ৰমৰ শলাগ লয় ৷ আজিৰ এই উৎসাহজনক ফলাফলত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সমন্বিতে বজালীৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে চাৰিওগৰাকী শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like