নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ‘বৰ্তমানৰ সময় হৈছে এক তীব্ৰ প্ৰতিযোগিতাৰ যুগ৷ সময়ৰ স’তে ফেৰ মাৰিবলৈ বৰ্তমানৰ এই প্ৰতিযোগিতাৰ যুদ্ধত নামি পৰিছে দেশৰ ভৱিষ্যত প্ৰজন্ম৷ অভিভাৱকেও যুদ্ধl জয়ী হ’বৰ বাবে নিজৰ ল’ৰা-ছোৱালীৰ সন্মুখত নিজকে ঢাল হিচাপে লৈ নামি পৰিছে৷ সকলোকে লাগে শ্ৰেষ্ঠত্ব৷ কিন্তু এই শ্ৰেষ্ঠত্ব অৰ্জনৰ নামl আমাৰ পৰা হেৰাই গৈছে বহু প্ৰতিভসম্পন্ন নৱপ্ৰজন্ম৷ সেয়েহে শ্ৰেষ্ঠত্বৰ সলনি ল’ৰা-ছোৱালীক অভিভাৱকসকলে প্ৰথমে মানুহ হিচাপে গঢ়ি তুলিবলৈ শিক্ষা প্ৰদান কৰক৷’- এই মন্তব্য বিশিষ্ট লেখিকা তথা সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড°নমিতা দাস গুৰুঙৰ৷ আজি পাঠশালা সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা কৃতী বিদ্যাৰ্থীক বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী সভাৰ স’তে সংগতি ৰাখি “একবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ গতি প্ৰকৃতি” শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি গুৰুঙে কয় যে একবিংশ শতিকাত বহুতো কালজয়ী লেখকৰ লেখাই আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ পাঠশালা সাহিত্য সভা ভৱনত পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীৰ সভাপতিত্বত তথা সম্পাদক অতুল কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাত পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ গোলোকেশ্বৰ গোস্বামীৰ সোঁৱৰণত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালী জিলাৰ ভিতৰত অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত কৃতী শিক্ষাৰ্থী নেহা মহন্তক নগদ ধনৰ লগতে সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰৰে এই বৰ্ষৰ “পাঠশালা সাহিত্য সভা” বঁটা প্ৰদান কৰা হয় ৷ আনহাতে, উক্ত সভাতে সাহিত্যিক প্ৰবোধ চন্দ্ৰ শৰ্মাৰ শেহতীয়া গ্ৰন্থ “প্ৰবন্ধ বিচিত্ৰা” উন্মোচন কৰে বিশিষ্ট শিক্ষবিদ তথা সমাজকৰ্মী মুৰাৰি মোহন দত্তই৷ গ্ৰন্থখন উন্মোচন কৰি নিজৰ ভাষণত শিক্ষাবিদগৰাকীয়ে কয় যে গ্ৰন্থই মানুহৰ মাজত চেতনা যোগোৱাৰ লগতে গ্ৰন্থই মানুহৰ মন-মগজু বিকাশত সহায় কৰে। একেখন সভাতে পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা দীপালী তালুকদাৰৰ “প্ৰবন্ধ সংকলন” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে৷ ইয়াৰ আগেয়ে প্ৰয়াত গোলোকেশ্বৰ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি নিবেদন কৰে গোস্বামীৰ পত্নী নলিনী দেৱীয়ে৷ অনুষ্ঠানত সমাজকৰ্মী বৰুণ দাস, পাঠশালা সাহিত্য সভাৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতি, সম্পাদকৰ লগতে ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে ৷
প্ৰেৰক কল্যাণ কলিতা