নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ পূৰ্ণাংগ আদৰণী সমিতি গঠন

মন্ত্ৰী ৰঞ্জিত দাসক সভাপতি, গিৰিধৰ চৌধুৰীক সাধাৰণ সম্পাদকৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ৭৭সংখ্যক দ্বিবার্ষিক অধিৱেশনখন ২০২৫ বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে বজালীৰ পাঠশালাত অনুষ্ঠিত হ’ব। পাঠশালা হৰি মন্দিৰ প্ৰাংগণস্থিত নাট্য মন্দিৰত মন্ত্রী তথা পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন প্রতিনিধিত্বমূলক সভাত সাহিত্য সভাৰ আগত অধিৱেশনৰ পূৰ্ণাংগ আদৰণী সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ পৰ্যবেক্ষক ধ্রুৱজ্যোতি শর্মাই বিগত বৰ্ষৰ ২১ জুলাইত পাঠশালাত অনুষ্ঠিত সাধাৰণ সভাত গ্রহণ কৰা প্রস্তাৱসমূহৰ ভিত্তিতে অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশনৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা বুলি ব্যক্ত কৰি সকলোকে অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্রহণ কৰিবলৈ আহ্বান জনায়। সভাত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে অসম সাহিত্য সভাৰ ৭৭সংখ্যক দ্বিবার্ষিক অধিবেশন সফল কৰাৰ ক্ষেত্ৰত সকলোকে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। সভাত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, অসম সাহিত্য সভাৰ কেন্দ্রীয় পর্যবেক্ষক গোবিন্দ কলিতা, বদ্ৰী গুৰাগাঞি, নয়নমণি চৌধুৰী, কামদেৱ দাস, পাঠশালা সাহিত্য সভাৰ সভাপতি প্রফুল্ল কুমাৰ গোস্বামী সমন্বিতে অসম সাহিত্য সভাৰ বহুকেইগৰাকী বিষয়াই ভাষণ দিয়ে। সভাত ২০২৫ বৰ্ষৰ ৩১ জানুৱাৰী, ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত পাঠশালাত অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ ৭৭সংখ্যক দ্বিবার্ষিক অধিৱেশনৰ বাবে মন্ত্রী ৰঞ্জিত কুমাৰ দাসক সভাপতি, প্রফুল্ল কুমাৰ গোস্বামীক কাৰ্যকৰী সভাপতি, ২২৫গৰাকীক উপ-সভাপতি, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীক সাধাৰণ সম্পাদক, পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতা আৰু পাটাছাৰকুছি সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ক যুটীয়া সম্পাদক, ২৯গৰাকী ব্যক্তিক সম্পাদক, ২৪৫গৰাকীক সহকাৰী সম্পাদক, ৫১গৰাকী সদস্য, অশোক আগৰৱালাক কোষাধ্যক্ষ, নীতেশ জালানক সহঃ কোষাধ্যক্ষ, অতুল চন্দ্র কাকতি, দিগন্ত তালুকদাৰ আৰু অক্ষয় তালুকদাৰক হিচাপ পৰীক্ষক হিচাপে লৈ এখন সুবৃহৎ আদৰণী সমিতি গঠন কৰা হয়। সভাত আদৰণী সমিতিৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠান আৰু দল-সংগঠনে আদৰণি জনায়।

প্ৰেৰক কল্যাণ কলিতা

You might also like