নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী কেশৱ মহন্তক সাক্ষাত সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ অসম সাহিত্য সভাৰ আগন্তুক পাঠশালা অধিবেশনৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে৷ প্ৰায় দহ কোটি টকা বাজেট সাপেক্ষে অহা ২০২৫ বৰ্ষৰ ৩১ জানুৱাৰী, ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য অধিবেশনৰ সকলো কাৰ্যসূচী সুকলমে সমাপন কৰাৰ বাবে ইতিমধ্যে ৪০খনকৈ উপ-সমিতি গঠন কৰা হৈছে৷ সাহিত্য সভাৰ অধিবেশনত সচৰাচৰ দেখা পোৱা বাণিজ্য মেলাৰ পৰিবৰ্তে পাঠশালা অধিৱেশনত অনুষ্ঠিত হব আটকধুনীয়া বিজ্ঞান মেলা৷ এই বিজ্ঞান মেলাখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে আজি অধিবেশনৰ আদৰণী সমিতিৰ বিষয়ববীয়াসকলে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰে৷ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি দলটিয়ে বিজ্ঞান মেলাত অসম চৰকাৰৰ সহযোগিতা বিচাৰি বিস্তাৰিতভাৱে এলানি আলোচনাত মিলিত হয়৷ আলোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে ISRO, Regional Science Centre, Mobile Planetariumকে আদি কৰি অসম চৰকাৰে যিমান সহায়-সহযোগিতা লাগে সকলোখিনি কৰাৰ আশ্বাস প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীৰ আশ্বাসত অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান মেলাখন সাফল্যমণ্ডিত হ’ব বুলি আদৰণি সমিতিয়ে আশা ব্যক্ত কৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ এই আলোচনাত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন আদৰণী সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী, বিজ্ঞান মেলা উপ-সমিতিৰ সভাপতি ডঃ হিৰণ্য শৰ্মা, বলেন দেৱচৌধুৰী, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদ (ST&CC)ৰ সচিব লয়া মাধুৰী, অসম বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ সংসদ (ASTEC)ৰ সঞ্চালক ডঃ জয়দ্বীপ বৰুৱা আৰু আভ্যন্তৰীণ জল পৰিবহণ (IWT)ৰ সঞ্চালক সুস্মিতা কাকতি উপস্থিত থাকে ৷

প্ৰেৰক কল্যাণ কলিতা

You might also like