নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত বজালী মহোৎসৱ উদ্বোধনঃ দেৱদাসী নৃত্য, ভোৰতাল নৃত্যৰে মুখৰিত ভগৱতী ক্ষেত্ৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্রিলঃ বজালীৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্যৰ সমাহাৰেৰে আজিৰে পৰা পাঠশালাৰ ভগৱতী ক্ষেত্ৰত ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বজালী মহোৎসৱ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জ্যেষ্ঠ কেবিনেট মন্ত্রী তথা স্হানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে। বজালী জিলা প্ৰশাসন আৰু শতবৰ্ষীয় পাঠশালা বজাৰ কমিটিৰ উদ্যোগত আয়োজিত প্ৰথম বজালী মহোৎসৱ উদ্বোধন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী জিলা প্ৰশাসন আৰু পাঠশালা বজাৰ কমিটিক বজালী মহোৎসৱ উদযাপন কৰাৰ বাবে ধন্যবাদ জনাই বজালীৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক দিশত থকা অৰিহণা উনুকিয়াই এই দিশসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত ভাষণ ৰাখে। ইয়াৰ পিছতে পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে বন্তি প্ৰজ্বলন আৰু আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ে মঞ্চ উদ্বোধন কৰে। ইয়াৰ লগে লগে পাঠশালা সাংস্কৃতিক সংঘৰ কলা কেন্দ্রৰ শিল্পী বৃন্দই জুৰি দাসৰ পৰিচালনাত বজালীৰ ঐতিহাসিক দেৱদাসী নৃত্য প্ৰদৰ্শন কৰাৰ উপৰি পাটাছাৰকুছি কৃষ্টি কলা কেন্দ্রৰ শিল্পী সকলে ভোৰতাল নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পিছত পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জিলা উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰী, ভবানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ উপস্থিত থাকি বজালী জিলাৰ সামগ্রিক উন্নয়নৰ সমান্তৰাল ভাৱে বজালীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আদিৰ বহুল প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বজালী মহোৎসৱ আগন্তুক সময়ত বাটকটীয়া স্বৰূপ হৈ পৰিব বুলি মন্তব্য কৰে৷ ইপিনে পুৱাৰ ভাগত পাঠশালা বজাৰ কমিটিৰ পতাকা উত্তোলন কৰে বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বজাৰ কমিটিৰ উপ সভাপতি লাবণ্য পাটগিৰিয়ে। উক্ত অনুষ্ঠানত বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী, অৱসৰী কৃতি শিক্ষক হিৰণ্য তালুকদাৰ, জ্যেষ্ঠ নাগৰিক ৰাধা তালুকদাৰ, ৰাজেন ৰয়, পূব বজালী জিলা পৰিষদৰ সদস্য ৰনজিত শালৈ সমন্বিতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত পাঠশালা পৌৰ সভাৰ নবনির্বাচিত সদস্য দিগন্ত তালুকদাৰ , মিনি কলিতা, নিৰ্মল ৰয়, ৰাতুল ৰয়, শেৱালী কলিতা, দিপিকা তালুকদাৰ, বৰ্ণালী কলিতা, মনোজ দাস, জলি চৌধুৰী, কালিচৰণ দাসক সম্বৰ্দ্ধনা জনোৱা হয়। লক্ষনীয় ভাৱে গ্ৰন্থ মেলা, মিনা বজাৰ, বাণিজ্য মেলা, চৰকাৰী বিভাগীয় প্ৰদৰ্শনী, আত্মসহায়ক গোটৰ মেলা আদিৰ পয়োভৰ ঘটা বজালী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আতচবাজি , বিহু, দেৱদাসী নৃত্য, ভোৰতাল নৃত্য আদিৰে মুখৰিত হৈ পৰে।
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like