নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাধীন অৱস্থাত ৰোগীৰ আত্মহত্যা : ডিব্ৰুগড় মেডিকেলত চাঞ্চল্য

বিশেষ বাৰ্তা, ১৩ জুনঃ চিকিৎসাধীন অৱস্থাতে এগৰাকী ৰোগীয়ে আত্মহত্যা কৰাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত। অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ এক ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এ এম চিৰ চাৰ্জাৰী বিভাগত চিকিৎসাধীন হৈ থকা বিহাৰী কৰ্মকাৰ নামৰ ৰোগীজনে চিলিং ফেনত চীপ লৈ আত্মহত্যা কৰে। মেডিকেলৰ সূত্ৰ অনুসৰি, আজি পুৱতি নিশা প্ৰায় ২ বজাত ডুমডুমা চাহ বাগিচাৰ এলেকাৰ নিবাসী বিহাৰী কৰ্মকাৰ নামৰ ৰোগীজনে এই ঘটনাটো সংঘটিত কৰে।ঘটনা সন্দৰ্ভত এ এম চিৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই জানিবলৈ দিয়া মতে, কিছুদিনৰ পূৰ্বে বিহাৰী কৰ্মকাৰে গল্ড ব্লাডাৰ অস্ত্ৰোপচাৰৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ চাৰ্জাৰী বিভাগত ভৰ্তি হৈছিল। চাৰ্জাৰী বিভাগৰ ইউনিট-৪ত সুকলমে সম্পন্ন হৈছিল অস্ত্ৰোপচাৰ। অৱশ্যে ৰোগীজনৰ উশাস-নিশাসৰ কিছু সমস্যা সন্মুখীন হোৱাত মেডিকেলৰ এছ ডি ইউ ইউনিটত ভৰ্তি কৰোৱা হয়। এছ ডি ইউত চিকিৎসাধীন হৈ থকাৰ সময়ত আন এজন ৰোগীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত ৰোগীজনক আন এটা ৱাৰ্ডলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল।ইফালে ৰোগীজনৰ সৈতে চিকিৎসক-নাৰ্ছসকল ব্যস্ত হৈ থাকিব লগীয়া হয় আৰু সেই সময়ত এছ ডি ইউ ৱাৰ্ডৰ দুৱাৰ বন্ধ কৰি আত্মহত্যা কৰে বিহাৰী কৰ্মকাৰে। এ এম চিৰ অধীক্ষক ডাঃ দিহিঙ্গীয়াৰ মতে অস্ত্ৰোপচাৰৰ পিছতে প্ৰায়সংখ্যক ৰোগীৰে স্বাভাৱিকতে চাইক’ছিচ নামৰ এক সমস্যাত ভোগে। সেই সমস্যাই বিহাৰী কৰ্মকাৰক দেখা দিয়া বুলি সন্দেহ কৰা হৈছে। আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় বৰবাৰী আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like