নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীৰ আত্মীয়ৰ উদ্ভণ্ডালি : ৰেডিঅ’লোজিষ্টক প্ৰহাৰ

🔹 বিলাসীপাৰা মডেল হাস্পতালত চাঞ্চল্যকৰ ঘটনা

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : বিলাসীপাৰা মডেল হাস্পতালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। নিজকে এগৰাকী আৰক্ষী জোৱান বুলি চিনাকি দিয়া যুৱকৰ উদ্ভণ্ডালি আৰু গুণ্ডাগিৰিক লৈ উত্তপ্ত বিলাসীপাৰা মডেল হাস্পতাল। অভিযোগ মতে, আব্দুল কাদেৰ জেলানী নামৰ যুৱকজনৰ গুণ্ডাগিৰিত আহত হয় বিলাসীপাৰা মডেল হাস্পতালৰ ৰেডিঅ’লোজিষ্ট অশোক নাথ। উল্লেখ্য যে নিজকে আৰক্ষীৰ জোৱান বুলি দাবী কৰা আব্দুল কাদেৰ জেলানীয়ে তেওঁৰ জীয়ৰীক দেখুৱাবলৈ আহিছিল বিলাসীপাৰা মডেল হাস্পতালত। আব্দুল কাদেৰৰ আগত আৰু কেইবাজনো মানুহ ডক্টৰক দেখুৱাবলৈ নাম লগাই লাইনত থিয় হৈ আছিল। আব্দুল কাদেৰে তেওঁৰ ছোৱালীক বলপূৰ্বকভাৱে আগতে দেখুওৱাৰ চেষ্টা কৰে। তেতিয়া ৰেডিঅ’লোজিষ্টগৰাকীয়ে কিছু সময় অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছিল। লগে লগে আব্দুল কাদেৰ জেলানীয়ে ৰিচিপ্ট কাঢ়ি লৈ ৰিচিপ্টৰ ভিতৰত ২০ টকা এটা সুমুৱাই দি ৰিচিপ্টৰ নামত ধন সংগ্ৰহ কৰা বুলি কৈ ৰেডিঅ’লোজিষ্ট অশোক নাথক মাৰপিট আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন হৈছে । উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাত উপস্থিত ৰাইজে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও হাস্পতালৰ দায়িত্বত থকা চিকিৎসকে বিলাসীপাৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষী। বিলাসীপাৰা আৰক্ষীয়ে আব্দুল কাদেৰ জেলানীক আটক কৰে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like