🔹 ৪ সমষ্টিৰ নৈপৰীয়া ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াইছে ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক পথ-মথাউৰিয়ে
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰী : মথাউৰি নহয় যেন ৰাজপথহে! জোনাইৰ পৰা মাজুলীলৈ পকী হ’ল মথাউৰি। ২০২৪ বৰ্ষৰ আৰম্ভণিতেই উত্তৰপৰীয়া ৰাইজলৈ এটা ভাল খবৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত প্ৰায় ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুদৃশ্য অত্যাধুনিক পথ তথা মথাউৰি। উত্তৰ অসমৰ চাৰিটা সমষ্টি জোনাই, ধেমাজি, ঢকুৱাখনা আৰু মাজুলীক সামৰি নিৰ্মাণ কৰা হৈছে এই পথ। উজনি অসমৰ প্ৰধান চহৰ ডিব্ৰুগড় চহৰৰ সৈতে উত্তৰ পাৰৰ নৈপৰীয়াৰ লগতে নদী দ্বীপ মাজুলীক সংযুক্ত কৰা এই অভিলাষী পথ নিৰ্মাণ আঁচনিয়ে উৎফুল্লিত কৰি তুলিছে জনসাধাৰণক। ২০২১ৰ ৩০ ছেপ্টেম্বৰত ধেমাজিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত জোনাইৰ পৰা ধেমাজি, ঢকুৱাখনা হৈ মাজুলীলৈকে মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে বান-খহনীয়া শিতানত ধেমাজি আৰু মাজুলী সংযোগী মথাউৰিৰ ওপৰেদি জোনাইৰ পৰা ধেমাজি, ঢকুৱাখনা হৈ মাজুলীলৈকে ৪টা সমষ্টিত সামৰি ৫ মিটাৰ ব্যাসৰ এক পকী পথ নির্মাণৰ বাবে ১৮৩ কোটি টকাৰ অনুমোদন দিয়ে।ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ পৰ্যবেক্ষণত আৰু তদাৰকত নিৰ্মাণ হৈ থকা এই গুৰুত্বপূৰ্ণ পথ তথা মথাউৰিয়ে জোনাইত ২০.৩৬ কিলোমিটাৰ, ধেমাজিত ৭.৪৫ কিলোমিটাৰ, ঢকুৱাখনাত ১৯.০৫ কিলোমিটাৰ আৰু মাজুলীত প্ৰায় ১৪ কিলোমিটাৰ অংশ সামৰি লয়।
নদী দ্বীপ মাজুলীক ডিব্ৰুগড়ৰ লগত সংযোগ কৰা এই অভিলাষী আঁচনিয়ে পথ যোগাযোগৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ লগতে বানজৰ্জৰ ধেমাজি-লখিমপুৰ-মাজুলী জিলাৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বান প্ৰতিৰোধৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অত্যাধুনিক পথ-মথাউৰিয়ে। তদুপৰি এই অভিলাষী আঁচনিৰ দ্বাৰা নৈপৰীয়া পৰ্যটন উদ্যোগলৈ বিশেষ পৰিৱৰ্তন অহাই নহয়, পথটোৰ দুয়োপাৰে নতুন দোকান-পোহাৰ স্থাপন কৰি স্থানীয় ৰাইজে কৰ্মসংস্থাপনৰ দিশতো সুপ্ৰভাৱ এটা পৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে সুদৃশ্য পথটিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জোনাইৰ পৰা মাজুলীলৈ নিৰ্মাণ কৰা এই পকী পথ-মথাউৰিৰ ফলত যুগ যুগ ধৰি পথ যোগাযোগ ব্যৱস্থাৰ পৰা নিলগত থাকি উন্নয়নৰ মুখ নেদেখা তিনিওখন জিলাৰে ১০০খনৰো অধিক গাঁও প্রত্যক্ষভাৱে লাভৱান হ’ব বুলি ধাৰণা কৰা হৈছে। ইফালে, ঢকুৱাখনাৰ পৰা বগীবিল দলঙলৈ এই পথে হ্ৰাস কৰিব প্ৰায় ৩০কিলোমিটাৰ দূৰত্ব। অনুৰূপ ধৰণে এই পথৰ ব্যৱহাৰে মাজুলী আৰু ডিব্ৰুগড়ৰ মাজৰ দূৰত্ব কেৱল আঢ়ৈ ঘণ্টা সময়তেই অতিক্ৰম কৰিব পৰা যাব, যাৰ বাবে পূৰ্বতে প্ৰয়োজন হৈছিল প্ৰায় ৫ ঘণ্টাৰো অধিক সময়। বিশেষকৈ ঢকুৱাখনা-মাজুলীৰ সুৰক্ষাকৱচ চিচি-টেকেলিফুটা মথাউৰিৰ সবলীকৰণ আৰু পকী পথলৈ সম্প্ৰসাৰণ কৰাৰ বাবে স্থানীয় লোকে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু স্থানীয় বিধায়ক নৱ কুমাৰ দলেক। এসময়ত বানপানীৰ সৈতে সহাৱস্থান কৰি থকা ঢকুৱাখনা সমষ্টিৰ পূব ঢকুৱাখনা, মাতমৰা আৰু খেৰকতা আদি অঞ্চলৰ নৈপৰীয়াক উৎফুল্লিত কৰি তুলিছে জোনাইৰ পৰা ধেমাজি-ঢকুৱাখনা হৈ মাজুলীলৈ নিৰ্মাণ কৰা এই পথ-মথাউৰিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা