নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ বাবে মুকলি এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য

📌 মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী-পীয়ুষ হাজৰীকাই

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ এশিঙীয়া গঁড়ৰ ৰম্যভূমি মৰিগাঁও জিলাৰ মায়ঙৰ পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০২৪-২০২৫ পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ আনুষ্ঠানিকভাবে মুকলি কৰে। দ্বাৰ মুকলি অনুষ্ঠানৰ পিচতে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণত কয় যে পবিতৰা অভয়াৰণ্যই আজি কেৱল ভাৰততে নহয়,সমগ্ৰ বিশ্বতে নিজৰ চিনাকি দিব পাৰিছে।গুৱাহাটী মহানগৰীৰ সমীপত অৱস্থিত পবিতৰা অভয়াৰণ্য চাবলৈ আজি দেশ- বিদেশৰ পৰ্যটক আহে। ভাৰত চৰকাৰৰ কোনোবা ভি আই পি বা ভি ভি আই পি আহিলেও আমি প্ৰথম পবিতৰালৈয়ে প্ৰেৰণ কৰোঁ । গতিকে পবিতৰাৰ বহুল  প্ৰচাৰ আৰু প্ৰসাৰৰ অতি প্ৰয়োজন আছে। যাতে আৰু অধিক দেশ- বিদেশৰ পৰ্যটকৰ আগমন ঘটিব পাৰে। মন্ত্ৰী পীযুষ হাজৰিকাই পবিতৰাৰ ভূমি সম্প্ৰসাৰণৰ বিষয়টোক লৈ এচাম লোকে কিছু অপপ্ৰচাৰ চলোৱা বুলি কৈ ৰাইজক উদ্দেশ্যি কয় যে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটা নিষ্পত্তি কৰাটো অসম চৰকাৰৰ বাবে সম্ভৱপৰ নহয়।কিন্তু আমাৰ চৰকাৰে যিমান পাৰোঁ ৰাইজক সহযোগ আগবঢ়াই যাম। ইয়াৰ পিচতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে  কয় যে পবিতৰাৰ সম্প্ৰসাৰণক লৈ মায়ঙৰ ৰাইজে যাতে অসম চৰকাৰক ভুল নুবুজে। আমাৰ  চৰকাৰ আৰু আপোনালোকৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে। বিষয়টো যিহেতু উচ্চতম ন্যায়ালয়ৰ অধীনৰ,সেয়ে আমি একো কৰিব নোৱাৰা হৈছোঁ।তথাপিও ৰাইজৰ লগত আলাপ- আলোচনা কৰি ক্ষতি নোহোৱাকৈ কি কৰিব পৰা যায় সেই লৈ আমি আগুৱাই যাম। চন্দ্ৰমোহন পাটোৱাৰীয়ে পবিতৰাৰ ভূমি  সম্প্ৰসাৰণৰ প্ৰসংগটো টানি আনি  লগতে কয় যে  অসমত বাতৰি কাকতৰ হেডলাইন দখল কৰা  প্ৰকৃতি প্ৰেমী এচাম ওলাইছে। উচ্চতম ন্যায়ালয়ত গৈ কেচ দিলেই তেওঁলোক প্ৰকৃত প্ৰকৃতিপ্ৰেমী হৈ যায় । পবিতৰা অভয়াৰণ্যৰ দ্বাৰ মুকলিৰ পিচতে জীপচী ছাফাৰীৰ কাউন্টাৰৰো আনুষ্ঠানিকভাৱে ফিতা কাটি মুকলি কৰে জাগীৰোড সমজিলাৰ আয়ুক্ত বিমান দাস আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকাই। পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি অনুষ্ঠানৰ মুকলি সভাত  মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰ, জাগীৰোড সম জিলাৰ আয়ুক্ত বিমান দাসৰ লগতে বন বিভাগৰ বহুকেইজন উচ্চ পদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like