নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত গেছ ভিত্তিক অৰ্থনীতি টনকিয়ালৰ সংকল্প পিবিজিৰ

✅২০২৪ৰ মাৰ্চৰ ভিতৰত ৬৪,০০০ গেছ সংযোগ প্ৰদানৰ লক্ষ্য পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ

✅৮ বছৰত কামৰূপ মেট্ৰ’-গ্ৰাম্য জিলাৰ ৩.২১ লাখতকৈ অধিক পৰিয়ালক সামৰি ল’ব

✅প্ৰাৰম্ভিকতে গীতানগৰ, বাপুজীনগৰ, ৰাধানগৰ, সাতগাঁৱত পাইপযোগে গেছ

✅ৰাজসাহায্যযুক্ত এলপিজিতকৈ কম মূল্যত ২৪ ঘণ্টাই ৰন্ধন গেছ

✅কেৱল ২৭৫টকা পঞ্জীয়ন মাচুলৰে পোনপটীয়াকৈ ৰন্ধনশালত উপলব্ধ হ’ব গেছ

বিশেষ বাৰ্তা, ৯ জুলাইঃ পাইপযোগে ২৪ ঘণ্টাই অবিৰতভাৱে ৰাজসাহায্যযুক্ত এলপিজিতকৈ কম মূল্যত গেছ যোগানৰ লক্ষ্যৰে কামৰূপ মেট্ৰ’, কামৰূপ গ্ৰাম্য আৰু বৰাক উপত্যকাত ৰন্ধন গেছ যোগানৰ বাবে ভাৰত চৰকাৰৰ অধীনস্ত নেচনেল গেছ গ্ৰিড প্ৰজেক্টৰ সহযোগত কাম হাতত লৈছে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে৷ ইতিমধ্যে গুৱাহাটী মহানগৰৰ গীতানগৰ, বাপুজীনগৰ, ৰাধানগৰ আৰু সাতগাঁৱত সম্ভৱতঃ নৱেম্বৰৰ পৰাই লাভ কৰিব পাইপযোগে গেছ যোগানৰ বাবে আন্তঃগাঁথনি সাজু কৰি তুলিছে প্ৰতিষ্ঠানটোৱে৷ এই চাৰিটা এলেকাত প্ৰথম পৰ্যায়ত কোম্পানীটোৱে ১০,০০০ পৰিয়াল, হোটেল, ৰেস্তোঁৰা আৰু ৰিজৰ্টত প্ৰায়োগিক দিশত ঘৰুৱা পাইপযুক্ত প্ৰাকৃতিক গেছ যোগানৰ লক্ষ্য লৈছে৷ অসমত গেছভিত্তিক অৰ্থনীতি টনকীয়াল কৰাৰ সংকল্প লোৱা পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত গুৱাহাটীত ৬৪,০০০ আৰু বৰাক উপত্যকাত ৯,৫০০টা গেছ সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ প্ৰতিষ্ঠানটোৱে ৮ বছৰৰ ভিতৰত কামৰূপ মেট্ৰ’ আৰু কামৰূপ গ্ৰাম্য জিলা ৩.২১লাখতকৈ অধিক পৰিয়াল, হোটেল, ৰেস্তোঁৰা আৰু ৰিজৰ্টত গেছ সংযোগ প্ৰদান কৰিব৷ প্ৰধানকৈ পিএনজি যোগানত গুৰুত্ব দিয়া পূৰ্ব ভাৰতীয়ে চিএনজিৰ বহু প্ৰয়োগৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ পামোহী আৰু আইএছবিটি বৰ্তমান দুটা চিএনজি ষ্টেচন স্থাপন কৰি ১০০খন বাছ আৰু অৰ্ধশতাধিক অ’টোৰ ইন্ধন যোগান ধৰি আছে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে৷ তদুপৰি, অহা ৩ মাহৰ ভিতৰত গুৱাহাটীত অতি কমেও ১৫টা চিএনজি ষ্টেচন স্থাপন কৰিব পূৰ্ব ভাৰতীয়ে৷ এক সুৰক্ষিত, নিৰ্ভৰযোগ্য, সৰ্বোৎকৃষ্ট গেছ বিতৰণ নেটৱৰ্ক স্থাপনত গুৰুত্ব আৰোপ কৰা প্ৰতিষ্ঠানটোৱে ৰাজসাহায্যযুক্ত এলপিজিতকৈ কম মূল্যত ২৪ঘণ্টাই ৰন্ধন গেছ যোগান উপকৃত কৰিব গ্ৰাহকক৷ কেৱল ২৭৫টকা পঞ্জীয়ন মাচুলৰে পোনপটীয়াকৈ ৰন্ধনশালত উপলব্ধ হ’ব গেছ৷ ইতিমধ্যে গেছ কোম্পানীয়ে নিয়োজিত কৰা এজেন্সিৰ দলে ঘৰে ঘৰে গৈ গেছ সংযোগ কৰিব বিচৰা কোম্পানীটোৱে গ্ৰাহক উপকৃত হোৱাকৈ তিনিটা আঁচনিও প্ৰস্তুত কৰিছে৷ সেই হিচাপে এবাৰতে ধনাদায় কৰি বা কিস্তি হিচাপত অথবা দৈনিক ২টকাকৈ ৰেণ্টেল ব্যৱস্থাত গেছ লাভ কৰিব গ্ৰাহকে৷ তদুপৰি, গেছ সংযোগৰ সময়ত গ্ৰাহকে প্ৰদান কৰা ছিকিউৰিটী মানি পুনৰ ঘুৰাই দিব৷ এক কথাত গ্ৰাহকসকলে চিলিণ্ডাৰৰ অযথা চিন্তাৰ পৰা মুক্ত হোৱাই নহয়, পৰিবহণ ব্যয় হ্ৰাসেৰে এক নিৰ্দিষ্ট পৰিমাণৰ ধন ৰাহি কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত গেছ পাইপলাইন নেটৱৰ্কিং ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে ২০১৯ চনত পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেড” গঠন হয় । অসম গেছ কোম্পানী লিমিটেডৰ ৪৮ শতাংশ, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ ২৬:২৬ শতাংশ শ্বেয়াৰেৰে এই কোম্পানী গঠন কৰা হৈছে। পিবিজিৰ উদ্যোগতে আৰু ভাৰত চৰকাৰৰ অধীনস্থ নেচনেল গেছ গ্রীড প্রজেক্টৰ সংযোজনত ইতিমধ্যে বহু কাম সম্পাদন কৰাৰ লগতে উত্তৰ-পূৰ্ব সামৰি বহু পৰিকল্পিত জনকল্যাণমূলক আঁচনি বাস্তৱ ৰূপায়ণৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই কয় যে চিএনজি ব্যৱহাৰে দিল্লীৰ দৰে মেট্ৰ’ পলিটান চহৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ট হ্ৰাস হ’বলৈ ধৰিছে। এই উদাহৰণেৰে গুৱাহাটীতো প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ উপৰিও ব্যয় সংকোচনেৰে চিএনজিৰ সুবিধা সমূহ ৰাইজৰ মাজলৈ আগবঢ়োৱা হৈছে। পেট্ৰ’লজাত ইন্ধনৰ পৰিবৰ্তে সেউজ ইন্ধনৰ ব্যৱহাৰৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিছে পূৰ্ব ভাৰতীয়ে৷ তেওঁ প্ৰদূষণ মুক্ত গুৱাহাটী গঢ়ি তোলাৰ বাবে ৰাইজ, ডিলাৰ তথা বাহনৰ গৰাকীসকলে সহাঁৰি জনাব বুলি আশাবাদী। আনহাতে পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডৰ মুখ্য সঞ্চালন বিষয়া পার্থ প্রতিম অধ্যাপকে কয় যে কোম্পানীটোৱে কামৰূপ, কামৰূপ মেট্ৰ’ আৰু বৰাক ভেলীত সর্বোত্তম নগৰ গেছ বিতৰণ (চিজিডি) আন্তঃগাঁথনি সৃষ্টিৰ উদ্দেশ্যৰে যোৱা এবছৰৰ পৰা এক কার্যশীল মূলধন নীতি প্ৰয়োগ কৰি আহিছে। এই শক্তিশালী প্রকল্প ব্যৱস্থাপনা ধাৰণা ব্যৱহাৰে যাতে সম্ভৱপৰ সৰ্বসাধাৰণ লোকৰ সুবিধাৰ বাবে এক সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু সর্বোৎকৃষ্ট গেছ বিতৰণ নেটৱৰ্ক স্থাপন কৰা হয় তাক প্ৰধানতঃ গুৰুত্ব আৰোপ কৰিছে পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে । লগতে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন তথা স্থানীয় ৰাইজৰ সহযোগত যিসমূহ অঞ্চলত অতি সুচলভাৱে গেছ পাইপ লাইন সংস্থাপন কৰিবলৈ সক্ষম হৈছে তাৰ বাবে চৰকাৰী প্ৰশাসন ব্যৱস্থা আৰু ৰাইজৰ সহযোগিতাক কৃতজ্ঞতা জ্ঞাপন কৰিছে পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে। ডিপিএনজিৰ সংযোগৰ অনুসন্ধান আৰু বুকিঙৰ বাবে অধিক জানিবলৈ ইনছাইট(৮৪৮৬০০২৫৫০) আৰু ইনছাইট ব্ৰেণ্ডকম প্ৰাইভেট লিমিটেড(৯৩৬৫৯৭৪৭০৪)ৰ সৈতে যোগাযোগ কৰিব পাৰিব৷

প্ৰেৰক দিগন্ত বৈৰাগী

You might also like