নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ কেন্দ্রৰ বিৰুদ্ধে বিতর্কিত গ্রেপ্তাৰ মন্তব্য কৰি গ্রেপ্তাৰ বিধায়ক আমিনুল। জম্মু–কাশ্মীৰৰ পেহেলগাম ত নিৰীহ পর্যটকৰ ওপৰত সন্ত্রাসবাদীয়ে কৰা নৃশংস আক্রমণক দেশজুৰি জনসাধাৰণে কঠোৰ ভাষাৰে নিন্দা কৰাৰ সময়তে স্পর্শকাতৰ বিষয়টোক লৈ বিতর্কিত আৰু ৰাষ্ট্রবিৰোধী মন্তব্য আগবঢ়াইছে এআইইউডিএফ দলৰ ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামে৷ ভাৰতবর্ষৰ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ সমর্থনত সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকৰ ওপৰত চলোৱা নৃশংস আক্রমণৰ বিৰুদ্ধে দেশজুৰি ৰাইজে কেন্দ্রীয় চৰকাৰৰ পৰা ন্যায় বিচাৰি সর্বত্রে প্রতিবাদ আৰম্ভ কৰিছে৷ কিন্তু ৰাইজৰ সৈতে সহমত পোষন কৰাৰ সলনি বিধায়কৰ দৰে পৱিত্র পদবীত অধিষ্ঠিত হৈয়ো আমিনুল ইছলামে কেন্দ্রীয় চৰকাৰক সহায় কৰাৰ সলনি বিতর্কিত মন্তব্যহে প্রদান কৰিলে৷ এই সন্দর্ভত ৰাজ্যজুৰি বিভিন্ন দল–সংগঠনে বিধায়কজনৰ বিতর্কিত মন্তব্যৰ বাবে বিভিন্ন থানাত একাধিক গোচৰ ৰুজু কৰাৰ সময়তে আজি নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰি বিধায়ক আমিনুল ইছলামক গ্রেপ্তাৰ কৰিছে৷ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১৫২/১৯৬/১৯৭/I)/১১৩ I)/৩৫২/৩৫৩ নং ধাৰাৰ অধীনত ৩৪৭/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি বিধায়কজনক জুৰীয়াৰ নিজ বাসভৱনৰ পৰা গ্রেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানালৈ নিয়ে৷ উল্লেখ্য যে ধিং সমষ্টিৰ পঞ্চায়ত নির্বাচনৰ সভাত বিধায়কগৰাকীয়ে কৈছিল যে পুলৱামাত সংঘটিত হোৱা ঘটনাৰ সময়তো মই কৈছিলো যে চৰকাৰৰ ষড়যন্ত্র ইয়াত আছে৷ ভাৰত চৰকাৰে এটা সাম্প্রদায়িক মেৰু বিভাজন কৰি ২০১৯ৰ লোকসভা নির্বাচনত জয়লাভ কৰিবলৈ বোমা বিস্ফোৰণ ঘটাইছিল৷ নিৰপেক্ষ তদন্তৰ দাবী কৰাৰ পাছতো কেন্দ্রীয় চৰকাৰে পুলৱামা হত্যাকাণ্ডৰ তদন্ত নকৰিলে৷ পেহেলগামত সংঘটিত হোৱা গুলীবর্ষণৰ ঘটনাটোৰ ক্ষেত্রত সমগ্র ভাৰতজুৰি বিজেপিয়ে প্রচাৰ কৰিছে যে সন্ত্রাসবাদীয়ে মানুহৰ নাম সুধি হিন্দু গুলীয়াইছে৷ কিন্তু তাৰ ভুক্তভোগীসকলে দিয়া বক্তব্য মতে, কাৰো নাম সোধা হোৱা নাছিল৷ আন্ধাৰৰ পৰা গোপনে গুলীবর্ষণ কৰা হৈছিল৷ পুলৱামাত যিটো চক্রই ৩০০ কেজি আৰডিএক্স বিস্ফোৰণ ঘটাই ৪২জনকৈ চিআৰপিএফৰ জোৱান শ্বহীদ কৰিছিল, একেটা চক্রই পুলৱামাতো শেহতীয়া ঘটনাটো সংঘটিত কৰিছে বুলি আমাৰ সন্দেহ হৈছে৷ পুলৱামা কাণ্ড আৰু পেহেলগাম কাণ্ড মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ সৃষ্টি বুলি ৰাষ্ট্রবিৰোধী মন্তব্য কৰা বিধায়ক ইছলামে উক্ত ঘটনাটোৰ বাবে প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক প্রকাৰন্তৰে জগৰীয়া কৰিছিল৷ বিধায়কজনৰ এনে বিতর্কিত মন্তব্যৰ পাছতে নগাঁও আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰৰ পাছতে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই কয় যে পেহেলগামৰ ঘটনাক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য দুর্ভাগ্যজনক৷ তেওঁৰ পৰা এনেধৰণৰ মন্তব্য আশা কৰা নাযায়৷ এই মন্তব্য অপৰাধ হিচাপে গণ্য কৰি সমগ্র বিষয়টো গুৰুত্বসহকাৰে নগাঁও আৰক্ষীয়ে গ্রহণ কৰিছে বুলি অধীক্ষক ডেকাই লগতে কয়৷ কাইলৈ বিধায়কজনক আদালতত হাজিৰ কৰাই নগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে বিধায়কজনৰ বাসভৱনত তালাছী চলাই বহু গুৰুত্বপূর্ণ নথি–পত্রৰ লগতে ম’বাইল ফোনটো জব্দ কৰে৷ মহানগৰীৰ দিছপুৰ আৰক্ষী থানাটো বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আন এটা গোচৰ ইতিমধ্যে ৰুজু হৈছে৷ উল্লেখ্য যে সমগ্র দেশে মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ৰাজনৈতিক লাভালাভৰ অংকত উদ্ভদ আপত্তিজনক আৰু সাম্প্রদায়িক মন্তব্য কৰি গ্রেপ্তাৰ হ’বলগীয়া হৈছিল বিধায়ক আমিনুল ইছলাম৷ নগাঁও সদৰ থানাই ২০২০ চনৰ ৭ এপ্রিলৰ ৮৭৭/২০ নম্বৰত গোচৰ এটা ৰুজু কৰি বিধায়কজনক গ্রেপ্তাৰ কৰিছিল৷ তাৰ পিছতো শিক্ষা নোলোৱা বিধায়কজনে জনপ্রতিনিধিৰ দৰে গুৰুত্বপূর্ণ দায়িত্বত থকাৰ পাছতো দেশৰ জনতাই সন্মুখীন হোৱা সংকটৰ ক্ষেত্রত সহযোগ আগনবঢ়াই ওলোটাকৈ বিতর্কিত মন্তব্য কৰি পৰিস্থিতি অধিক জটিল কৰাৰ চেষ্টা চলাইছে৷ বিধায়কজনৰ এই মন্তব্যক দুর্ভাগ্যজনক আখ্যা দি পাকিস্তানৰ এজেণ্ট বুলি ক্ষোভ প্রকাশ কৰে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে৷ তেওঁ কয় যে দুবাৰকৈ বিধানসভাৰ পৰা জয়ী হৈ বিধায়ক হোৱা আমিনুল ইছলামে ভাৰতবর্ষত থাকি বিদেশী ৰাষ্ট্রক এনেদৰে সহযোগ কৰা কথাটো অতি নিন্দাৰ বিষয়৷