বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ কংগ্ৰেছক তীক্ষ্ণ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰকাশিত এক প্ৰাৰ্থিত্বৰ তালিকাক লৈ মন্ত্ৰীগৰাকীয়ে কয়, লোকসভা নির্বাচনৰ বাবে কংগ্রেছে যুগুতোৱা প্রার্থিত্বৰ তালিকাখন দেখি ভাব হৈছে তেওঁলোকৰ অফিচত থকা পিয়ন–চকীদাৰসকলেও যেন টিকট বিচাৰিছে৷ ধুুবুৰীত মন্ত্রী বৰুৱাই কয় যে কংগ্রেছত ইমান মানুহেই নাই৷ ক’ৰ পৰা যে ৮০জন নে ৮৫জন মানুহ বিচাৰি পালে ১৪টা লোকসভা সমষ্টিত৷ মইতো ৮৫জন নেতা তেওঁলোকৰ তাত দেখা নাই৷ বিভিন্ন অঞ্চলৰ কংগ্রেছৰ অফিচত থকা পিয়ন–চকীদাৰসকল্ চাগে টিকট বিচাৰিছে৷ তালিকাখনত দেখা বহু মানুহৰ নাম কেতিয়াও ৰাজনীতিত শুনা নাই৷ মই যিহেতু ৩০ বছৰ ৰাজনৈতিৰ সৈতে আছো অন্ততঃ নামসমূহ শুনিব লাগিছিল৷ কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাৰ প্রসংগত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মন্ত্রী বৰুৱাই কয় যে কংগ্রেছৰ ঔৰসত আজমলৰ জন্ম৷ গতিকে কংগ্রেছে কোনদিনা এআইইউডিএফক কোলাত তুলি লয়, কোনদিনা মূৰত তুলি লয়, কোনদিনা দলিয়াই পেলায় সেয়া আপোনালোকে ধৰিব নোৱাৰিব৷ আজি হয়তো দলিয়াই পেলোৱা যেন লাগিছে৷ কেইদিনমান পাছত দেখিব কোলাত লৈছে, বোকোচাত লৈছে, মূৰত তুলি লৈছে৷ সেই কাৰণে কংগ্রেছ আৰু এআইউইউডিএফৰ মিত্রতা থকা নথকাক লৈ আলোচনা কৰি লাভ নাই৷ দুয়োটাই একেটাই দল৷