সান্ধ্য আইনৰ সময় আগুৱাই অনাৰ সিদ্ধান্তই মাতিছে নেকি বিপদঃ হিতে বিপৰীত বজাৰত মানুহৰ ধল
নিয়মীয়া বাৰ্তা ১৭ মেঃ ক’ভিড প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা কঠোৰ নীতি–নিয়মে সৃষ্টি কৰিছে লকডাউনসদৃশ পৰিস্থিতি৷ ইতিমধ্যে ৰাজ্যজুৰি ব্যৱসায়িক প্রতিষ্ঠান, দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি বন্ধৰ নতুন সময় ঘোষণা কৰিছে৷ কিন্তু কালি হঠাৎ ব্যৱসায়িক প্রতিষ্ঠান আৰু দোকান–পোহাৰসমূহ বন্ধৰ ক্ষেত্রত নতুন সময় নির্ধাৰণ কৰাত দেওবাৰে বজাৰত পৰিলক্ষিত হয় ব্যাপক ভিৰ৷ ৰাজ্যৰ ব্যৱসায়িক প্রতিষ্ঠান, দোকান–পোহাৰ, বজাৰ–সমাৰ আদি দিনৰ ১১ বজাতে বন্ধ কৰিবলৈ নির্দেশ দিছে ৰাজ্য চৰকাৰে৷
তদুপৰি দেওবাৰৰ পৰা বলৱৎ হোৱাকৈ দিনৰ ১২ বজাৰ পৰা ঘোষণা কৰা হৈছে সান্ধ্য আইন৷ আজি ৰাজ্য চৰকাৰে এই নির্দেশনা নতুনকৈ জাৰি কৰাৰ লগে লগে ৰাজ্যবাসীৰ মনত পুনৰ সম্পূর্ণ লকডাউনৰ আশংকা ঘনীভূত হৈ পৰে৷ যাৰ ফলত আজি পুৱা ১১ বজাৰ পূর্বে ৰাজ্যৰ চহৰ অঞ্চলসমূহৰ লগতে গুৱাহাটীৰ বজাৰত ব্যাপক ভিৰ পৰিলক্ষিত হয়৷ শাক–পাচলি, ফলমূল তথা মাছ–মাংসৰ পৰা আৰম্ভ কৰি গেলামাললৈকে সকলোতে গ্রাহকে হেতা–ওপৰা কৰা দেখা যায়৷ এইদৰে সামগ্রী ক্রয় কৰিবলৈ বজাৰত ভিৰ কৰা লোকসকলে ক’ভিড প্রট’কল মানি নচলাৰ দৃশ্যই সুলভ হৈ পৰিছে৷ অধিকাংশই বজাৰত কোনোধৰণৰ সামাজিক দূৰত্ব মানি নচলাৰ লগতে আন একাংশই আকৌ সঠিকভাৱে পৰিধান নকৰে মাস্ক৷
মুঠতে ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তো বজাৰত একাংশ অসচেতন লোকৰ মাজত এতিয়া চলিছে ক’ভিড বিধি ভংগৰ অঘোষিত প্রতিযোগিতা৷ সম্পূর্ণ লকডাউন ৰাজ্যত ঘোষণা কৰা নহয় বুলি ইতিমধ্যে চৰকাৰে স্পষ্ট কৰি আহিছে যদিও বজাৰত এইদৰে হেতা–ওপৰা কৰাৰ ফলত ক’ভিড প্রতিৰোধৰ ক্ষেত্রত হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে অধিক প্রকট হৈ পৰিছে৷ কিয়নো ক’ভিড প্রতিৰোধৰ ক্ষেত্রত সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা, জনসমাগম পৰিহাৰ কৰা অত্যন্ত প্রয়োজনীয়৷ কিন্তু এইসমূহ বিধি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে একাংশৰ বাবে৷ যাৰ ফলত সান্ধ্য আইন আগুৱাই দিয়া কার্যই ৰাজ্যলৈ বিপদ মাতিছে বুলিহে আশংকা কৰিছে একাংশই৷ অৱশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নির্দেশনা অনুসৰি ১১ বজাৰ লগে লগে যাতে দোকান–পোহাৰসমূহ সম্পূর্ণৰূপে বন্ধ হৈ পৰে তাৰ বাবে অসম আৰক্ষী আৰু প্রশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷
গুৱাহাটীৰ লগতে ৰাজ্যৰ চহৰাঞ্চলসমূহত সংশ্লিষ্ট আৰক্ষী আৰু প্রশাসনৰ লোকসকলে নির্ধাৰিত সময়ৰ প্রাক্ক্ষণত মাইকযোগে ১১ বজাৰ লগে লগে দোকান–পোহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে৷ সেইদৰে ৰাজপথতো কঠোৰ পহৰাৰ ব্যৱস্থা কৰিছে আৰক্ষী আৰু প্রশাসনে৷ সান্ধ্য আইন বলৱৎ হোৱাৰ পাছত ওলাই অহা লোকসকলক সোধা–পোছা কৰে আৰক্ষীয়ে৷ বিনাকাৰণত ওলাই অহা লোকসকলৰ বিৰুদ্ধে জৰিমনা বিহাও দেখা গ’ল৷ সেইদৰে ৰাজ্যত বলৱৎ হোৱা যুগ্ম–যুগ্ম নম্বৰৰ বিধি ভংগকাৰীসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে জৰিমনা বিহিছে৷ গুৱাহাটীত বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ পহৰা দিয়াৰ লগতে কনটেইনমেণ্ট জ’নসমূহত কোনেও যাতে নীতি–নিয়ম ভংগ কৰিব নোৱাৰে তাৰ প্রতি তীক্ষ্ণ নজৰ ৰাখিছে৷
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না গুপ্তাই মহানগৰখনৰ প্রান্তে প্রান্তে ভ্রমণ কৰি মহানগৰ আৰক্ষীয়ে লোৱা ব্যৱস্থাসমূহ পৰিদর্শন কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আকস্মিকভাৱে সান্ধ্য আইন আৰু দোকান–পোহাৰ খোলাৰ সময় চৰকাৰে আগুৱাই দিয়াত বিপদৰ সন্মুখীন হৈছে ক্ষুদ্র ব্যৱসায়ীসকল৷ দিনৰ ৫ বজাৰ পৰা ১১ বজাৰ ভিতৰত মাত্র কেইঘণ্টামানৰ বাবেহে দোকান খোলাৰ সুবিধা লাভ কৰাৰ ফলত এই ক্ষুদ্র ব্যৱসায়ীসকলৰ উপার্জন যথেষ্ট হ্রাস পাইছে৷ ফলস্বৰূপে তেওঁলোকে পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সন্মুখীন হৈছে৷ অৱশ্যে তাৰ মাজতে মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলেও সঁহাৰি জনাইছে চৰকাৰৰ নতুন নিয়মলৈ৷