নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ৰাস মহোৎসৱৰ আয়োজন

🔹 কংসৰ চৰিত্ৰত অভিনয় কৰিব বিধায়ক পদ্ম হাজৰিকাই

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো ৰাস মহোৎসৱৰ যো-জা চলিছে । প্ৰতিবছৰৰ দৰে এইবেলিও বালিপৰাত সাৰ্বজনীন ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । বালিপৰা-চাৰিদুৱাৰ উন্নয়ন সমিতি আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে দশম বাৰ্ষিক সাৰ্বজনীন ৰাস মহোৎসৱ। অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, পুৱা ৫ বজাত জাগৰণ, পুৱা ৮ বজাত নাম-প্ৰসংগ আৰু গুৰুঘাট, সন্ধ্যা ৫ বজাত খোলবাদ্য পৰিৱেশন, সন্ধ্যা ৬ বজাত ৰাস মহোৎসৱৰ মুকলি মঞ্চ উদ্বোধন কৰিব ৰাস উদযাপন সমিতিৰ সভাপতি, সমাজকৰ্মী অৰুণ ভূঞাই । সন্ধ্যা ৭ বজাত ভক্তিৰসৰ একাঁজলি অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে সংগীতশিল্পী বিদ্যাসাগৰে অংশগ্ৰহণ কৰিব। নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব মহাৰাস । উক্ত দিনা কংসৰ চৰিত্ৰত অভিনয় কৰিব নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। একেদৰে ২৪ নৱেম্বৰত সন্ধ্যা ৬ বজাত খোলবাদ্য পৰিৱেশন, সন্ধ্যা ৭:৩০ বজাত নৃত্য-নাটিকা, নিশা ৮:০০ বজাত মহাৰাস । উক্ত দিনা মহাৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে । মহাৰাসৰ দুয়োটা দিনতে বালিপৰা, চাৰিদুৱাৰ, লোক্ৰা আদি অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ অংশগ্ৰহণ, সহায়-সহযোগিতা উদযাপন সমিতিৰ বিষয়ববীয়াসকলে কামনা কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like