নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ শান্তিনগৰৰ পূজা মণ্ডপত আদিযোগী শিৱ মূৰ্তি

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : ধুবুৰী চহৰৰ শান্তি নগৰ দুৰ্গাপূজা কমিটীৰ পূজাখনে এই বছৰ ৬৩ বছৰ স্পৰ্শ কৰিলে। প্ৰতিবাৰৰ দৰে এইবাৰো এইখন পূজাৰ মণ্ডপে আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শিৱৰ এক বিশালাকায় প্ৰতিকৃতি আৰু ভিন্ন আলোকসজ্জাৰে শান্তি নগৰৰ এই দুৰ্গাপূজাখনে ইতিমধ্যে ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে। পূজা কমিটীখনৰ সম্পাদক অমিতাভ আচাৰ্যই জনোৱা মতে, পূজাখনৰ মণ্ডপটো তামিলনাডুৰ কইম্বাটুৰৰ থিৰুনামস্থিত আদিযোগী শিৱ মূৰ্তিৰ আধাৰত নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে সেই বিশেষ শিৱ মূৰ্তিটো বিশ্বৰ সৰ্ববৃহৎ আবক্ষ ভাস্কৰ্য বুলি গীনিজ বিশ্ব ৰেকৰ্ডে স্বীকৃতি দিছে। শান্তি নগৰৰ এই পূজাখনৰ মণ্ডপ সজ্জাৰ দায়িত্বত আছে সুশান্ত সাহা আৰু সোণা বাইন। আনহাতে, মণ্ডপটোৰ আকৰ্ষণীয় আলোকসজ্জা কৰিছে প্ৰীতম দে’ই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like