🔴গোলাঘাটত অগপৰ ৩৯সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন
🔴ৰাজনৈতিক মিত্ৰতা সময়ৰ আহ্বান : কেশৱ মহন্ত
🔴মুকলি সভাত থানেশ্বৰ বড়ো-দ্বিজেন ফুকনক বিপুল সম্বৰ্ধনা
বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ বিশাল জনসমুদ্ৰৰ মাজত ঐতিহ্যমণ্ডিত গোলাঘাট চহৰত আজি অসম গণ পৰিষদ দলৰ ৩৯সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গায়ন-বায়ন আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্যৰে দলটোৰ নেতৃত্বক উদযাপনস্থলী সমন্বয় ক্ষেত্ৰলৈ আদৰি আনে দলটোৰ কেইবাহাজাৰো দলীয় কৰ্মী আৰু সমৰ্থকে। দলৰ পতাকা উত্তোলন কৰে সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই। অন্য ৩৮খন দলৰ পতাকা উত্তোলন কৰে দলৰ জ্যেষ্ঠ নেতৃবৰ্গই। শ্বহীদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই। সতীৰ্থ সোঁৱৰণ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে। সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃৰ লগতে কেইবাটাও শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত দলটোৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়ো আৰু অসম আন্দোলনৰ অন্যতম পৃষ্ঠপোষক তথা অসম গণ পৰিষদ দলৰ অন্যতম শুভাকাঙ্খী দ্বীজেন ফুকনক সম্বৰ্ধনা জনোৱা হয়। প্ৰায় ২৫ সহস্ৰাধিক দলীয় বিষয়ববীয়া, সদস্য আৰু শুভাকাঙ্খীৰ উপস্থিতিত সভাপতি অতুল বৰাই কয় যে, অসমৰ বুকুত বাস কৰি অহা বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ হিয়াৰ আমঠু অগপও প্ৰকৃতাৰ্থত মহামিলনৰ তীৰ্থ, আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত অসম গণ পৰিষদৰ ৩৯সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ জনসমুদ্ৰই তাকেই প্ৰতীয়মান কৰিলে।সভাপতি বৰাই লগতে কয় বহু উত্থান-প্ৰত্যাহ্বানৰ মাজৰে অগপই ৩৮টা বছৰ পাৰ কৰিলে আৰু এয়া কেৱল এটা দলৰ ৩৮টা বছৰ নহয়– এয়া অসমৰ ৰাজনীতিৰ আঞ্চলিকতাবাদী দৰ্শনৰ ৩৮টা বছৰ। জাতীয়তাবাদ তেজত প্ৰৱাহিত হৈ থকা অসমৰ সংগ্ৰামী জনতাৰ আশা আৰু ভৰষাৰ ৩৮টা বছৰ। অগপ সভাপতি গৰাকীয়ে অগপৰ আজিৰ জন্মলগ্নৰ এই শুভক্ষণত দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ত্যাগ আৰু কষ্টক শ্ৰদ্ধাৰে সোৱঁৰে আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।চিৰপ্ৰবাহমান ব্ৰহ্মপুত্ৰৰ দৰেই অগপ বুলি কৈ অতুল বৰাই নৈ, উপ-নৈ, জান-জুৰি সামৰি অবিৰাম গতিৰে বৈ থকা ব্ৰহ্মপুত্ৰৰ দৰেই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী ৰাইজক সামৰি অগপয়ো অবিৰাম গতিৰে সদায় আগুৱাই যাব বুলিও মন্তব্য কৰে। সভাপতি বৰাই অসমৰ আঞ্চলিকতাবাদৰ আয়ুসৰেখাই হৈছে অসম গণ পৰিষদ আৰু এই আয়ুসৰেখাডাল যিমানেই দীঘলীয়া আৰু শক্তিশালী হ’ব, সিমানেই অসম সুৰক্ষিত হ’ব বুলি উল্লেখ কৰে। অগপৰ জন্মভূমি গোলাঘাটত আজিৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোত সকলো সতীৰ্থই অগপ তথা জাতীয়তাবাদক অসমত অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্য্যসূচীত বিষয়ববীয়া, জিলা সমিতিৰ সভাপতি, সম্পাদক তথা অন্যান্য বিষয়ববীয়া, দলৰ কেউটা ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে দলৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাসকল, শ্বহীদ পৰিয়াল, অগপৰ শুভাকাংক্ষী আৰু অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা ৰাইজৰ অংশগ্ৰহণেৰে আজিৰ অনুষ্ঠানটি সফল সামৰণি হয়। অনুষ্ঠানটিৰ সফল আয়োজনত আগভাগ লোৱা প্ৰতিগৰাকী বিষয়ব
বীয়া, কৰ্মকৰ্তাক সভাপতি অতুল বৰাই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্ততো আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা দলৰ প্ৰতিগৰাকী নিষ্ঠাৱান কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰি কয় আগন্তুক বছৰটো হব ভাতৃ ভগ্নী সংগঠনৰ বছৰ, প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনক অধিক দায়িত্ব দি দলটোক আগুৱাই নিয়াৰ পৰিকল্পনা কৰা হব। বৰ্ষজোৰা কাৰ্যসূচীৰে তেওঁলোক আগবাঢ়িব।প্ৰায় প্ৰতিটো দিনেই হব কৰ্মব্যস্ত একোটা দিন।কাৰ্যসূচী সমূহ আলোচনা কৰি শীঘ্ৰে ঘোষণা কৰা হব।আঞ্চলিকতাবাদ আৰু উন্নয়ন সমান্তৰাল গতিত আগবাঢ়িব লাগিব।বহুতে ধাৰণা দিব খোজে যেন আঞ্চলিক ৰাজনীতি মানেই ৰাজপথৰ আন্দোলন আৰু শ্লোগান। কিন্তু নতুন প্ৰজন্মৰ মানসিকতা সলনি হৈছে। তেওঁলোকক ৰিজাল্ট লাগে। সমস্যাক লৈ চিঞৰ বাখৰ নহয়,সমস্যাৰ সমাধান লাগে।সেয়ে আমি কৈছোঁ সমাধান মুখী আঞ্চলিকতাবাদৰ কথা। ইচ্ছ্যুবোৰ উপযুক্ত মঞ্চত দাঙি ধৰি সমান্তৰাল ভাৱে সমাধান আৰু উন্নয়নটো সক্ৰিয় হব লাগিব।কংগ্ৰেছ-বিৰোধী ঐক্য এক মিছা আস্ফালন মাত্ৰ।আমি তিলমাত্ৰও শংকিত নহয়। যোৱা কেইদিনমানতে দেখিছে এটা দলে আনটোৰ বিৰুদ্ধে ৰাজহুৱাভাৱে বক্তব্য দিবলৈ আৰম্ভ কৰিলেই। বিৰোধী বিভাজনৰ ৰাজনীতিতহে সিদ্ধহস্ত।সময় ইয়াৰ সাক্ষী।ফলা বাঁহ যিদৰে কেতিয়াও জোৰা নালাগে, তেনেকৈ অসমত বিৰোধী দলসমূহো কোনোদিনে একলগ নহয় সভাপতি বৰাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।বৰাই লগতে কয় যে, নতুন আঞ্চলিক দলবোৰ শিপা নোহোৱা বৃক্ষ।অগপৰ দৰে শক্তিশালী শিপা কোনটো দলৰ আছে বুলি প্ৰশ্ণ কৰি কয় অসমৰ ৰাজনীতিত এনেকুৱা ধানখেৰৰ জুই বহুত দেখিছোঁ।ভমককৈ জ্বলি নিমিষতে নুমাই থাকে।আমি আমাৰ নিজস্ব শক্তি আৰু সামৰ্থ্য ৰে আগুৱাই যাব…অসমৰ ৰাইজে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অভিমুখে। প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, দলীয় কৰ্মীসকলৰ অফুৰন্ত ত্যাগ আৰু পৰিশ্ৰমে দলটোক সদায়ে এক শক্তিশালী গতি দি আহিছে। জাতীয় শ্বহীদ সকলৰ ত্যাগক স্মৰণ কৰি মহন্তই কয় যে, ৰাজনৈতিক মিত্ৰতা সময়ৰ আহ্বান। বিগত ২৫/৩০ টা বছৰে কেন্দ্ৰত আঞ্চলিক দলৰ সমৰ্থনত চৰকাৰ গঠন হৈছে। অসম গণ পৰিষদ দলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।অসমৰ জনসাধাৰণে দলটোক সৰ্বস্তৰতে শক্তিশালী হোৱাটো মনে প্ৰাণে কামনা কৰে। ৰাজ্যখনৰ জনসাধাৰণৰ চিন্তা চেতনাক আগবঢ়াই নিবলৈ দলটোৰ প্ৰতিগৰাকী সদস্য দায়বদ্ধশীল বুলি দোহাৰি কাৰ্য্যকৰী সভাপতি মহন্তই কয় যে, মিত্ৰজোটৰ চৰকাৰখনত থাকি ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ ধাৰাত অসম গণ পৰিষদ দলেও অংশীদাৰ হৈ আছে। আগন্তুক সময়ত তৃণমূল পয্যায়ৰ পৰা দলৰ ভেটি নতুন ৰূপত গঢ়ি তুলি দলটোক গণমুখি কৰিবলৈ আহ্বান জনায়। জ্যেষ্ঠ সকলৰ মাৰ্গদৰ্শনে দলটোক সদায় জীপাল কৰি ৰাখিছে বুলি মহন্তই মন্তব্য কৰে। আগন্তুক লোকসভা নিৰ্বাচনত লোকসভাত প্ৰতিনিধিত্ব নিশ্চিত কৰিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে। মুকলি অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত পৰিবেশন কৰা হয়। আজি ৰাজ্যখনৰ ৯৮ টা বিধান সভা সমষ্টিত সমষ্টি সমিতি সমূহৰ উদ্যোগত আৰু জিলা সমিতিৰ উদ্যোগত প্ৰতিখন জিলা সদৰতে বৰ্ণাধ্য কাৰ্য্যসূচীৰে দলটোৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই কাৰ্য্যসূচীত দলটোৰ শুভাকাঙ্খী তথা জ্যেষ্ঠ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, নুৰুল হুছেইন, মনোজ শইকীয়া, পোনাকন বৰুৱা, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহ, উপ সভাপতি ভৱেন্দ্ৰ নাথ ভৰালী, কুমাৰ দীপক দাস, প্ৰশান্ত কুমাৰ বৰুৱা,জোতিষ দাস,জয়নাথ শৰ্মা,সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ড০ নৃপেন বৰুৱা, ড০ ৰঞ্জিত ডেকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড,প্ৰচাৰ সম্পাদক ড০ তপন দাস তথা ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সকলক উপস্থিত থাকে।