নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : একশৰণ নামধৰ্ম জনজাতি সমাজ, অসমৰ ৬০সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু মহাপালনাম মহোৎসৱভাগ আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰয়াত ভাতিবৰ দেউৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা একশৰণ নামধৰ্ম জনজাতি সমাজ, অসমৰ ৬০সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু মহাপালনাম মহোৎসৱৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, পুৱা ৯.৩০ বজাত মূল তোৰণ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য বিপিন চন্দ্ৰ বৰদলৈয়ে। ইয়াৰ পিছতে মূল মণ্ডপ উদ্বোধন কৰে নিজ গেৰুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈয়ে। পিছত ১০ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা। ১১.৩০ বজাত মূল কাৰ্যালয় মুকলি কৰাৰ পিছতে দুপৰীয়া এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে পুৱা প্ৰসংগৰ পিছতে জিলাখনৰ চাবুকধৰা প্ৰাথমিক শাখাই খোল-প্ৰসংগ কৰে। পিছত অধিবক্তা পলাশ পাতৰে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।আবেলি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিনিধি শিবিৰ মুকলি কৰা হয়। ইয়াৰ পিছতে সন্ধিয়া ৫ বজাৰ পৰা প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। ইফালে, নিশা ৯ বজাত সমাজৰ বিভিন্ন প্ৰাথমিকৰ সহযোগত অনুষ্ঠিত হ’ব কৃষ্টি প্ৰদৰ্শন। এই কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানটো লোকসংগীতৰ শিল্পী তথা অ’ এন জি চিৰ অভিযন্তা (গুৱাহাটী) পুতুল চন্দ্ৰ হালৈয়ে উদ্বোধন কৰিব।লগতে এই অনুষ্ঠানটোত আমন্ত্ৰিত অতিথিৰূপে লোকশিল্পী সাধন্তী ইনজল উপস্থিত থাকিব।
প্ৰেৰক আবুল কালাম