নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : আজি শুভ মহালয়া। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গতিনাশিনী দেৱী দুৰ্গা নামি আহিছে ধৰাৰ বুকুলৈ। ৰাজ্যৰ আন আন প্রান্তৰ লগতে ৰূপহীহাটৰ লাওখোৱাতো মহালয়া উপলক্ষে পুৱাৰ ভাগতেই ওলাই আহিছে ভক্তিপ্ৰাণ ৰাইজ। এই দিনটোৰ পৰাই মা দুৰ্গাৰ আগমন হয় মৰ্ত্যলৈ। লোকবিশ্বাস অনুসৰি আজি দিনটোৰ পুৱাৰ ভাগত প্রাত:ভ্ৰমণ কৰিলে মানৱ জাতিৰ বাবে মংগলৰ বাৰ্তা কঢ়িয়াই আনে। নিজ লাওখোৱা বাড়োৱাৰী দুৰ্গাপূজা সমিতিৰ উদ্যোগত উলিওৱা হয় এক ধৰ্মীয় শোভাযাত্রা। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কেইবাসহস্র লোকে অংশগ্রহণ কৰে এই ধৰ্মীয় শোভাযাত্রাত।
প্ৰেৰক জহিৰুল ইছলাম