🔹 সাংস্কৃতিক শোভাযাত্ৰাত সহস্ৰাধিকৰ অংশগ্ৰহণ
বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : নগাঁও চহৰৰ নেহৰুবালিত অনুষ্ঠিত হোৱা ১১১ বছৰীয়া সদৌ নগাঁও ভোগালী বিহু উৎসৱক লৈ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহু উপলক্ষে নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত সৃষ্টি হৈছে উদুলি -মুদুলি পৰিৱেশ। ভোগালী বিহুৰ উৰুকাৰ দিনা বিয়লি ৪ বজাত নেহৰুবালিৰ বিহুস্থলীত জনগোষ্ঠীয় খাদ্য মেলা আৰু আত্মসহায়ক গোটৰ বিপণী উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিয়লি ৫ বজাত ভেলাঘৰত নাম-কীৰ্ত্তন অনুষ্ঠিত হয়। কালি পুৱা ৰাজ্যিক শিশু, নাৰীগৃহ আৰু শ্ৰীমন্ত শংকৰ মিছনত বিহুৰ জলপান বিতৰণ কৰাৰ পিছত বিহুৰ পতাকা উত্তোলন কৰে সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে। মেজি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি ৰূপক শৰ্মাই। স্মৃতিগ্ৰন্থ ‘ভোগালী’ উন্মোচন আৰু স্হানীয় বয়োজ্যেষ্ঠ নাগৰিকক বিহুৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। প্ৰাইজমানী মুকলি কুইজ প্ৰতিযোগিতা, স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজি পুৱা চাইকেল চালনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ইয়াৰ পিছতে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকল ক্ৰমে যতীন বৰা, কৃষ্ণমণি নাথ, প্ৰীতি কংকনা, ৰাগ ঐনিতম, বিধায়ক ৰূপক শৰ্মাসহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। নগাঁও চহৰত উলিওৱা এই শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত, বিয়ানাম প্ৰতিযোগিতা আৰু দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, অনুষ্ঠিত হয়। সন্ধিয়া ‘অসম কুঁৱৰী’ বিহুনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।। কাইলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, স্ব-নিৰ্বাচিত কবিতা আবৃত্তি, মহিলাৰ পিঠাপনা আৰু থলুৱা খাদ্য, জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি জেং বিহু আৰু অন্তৰা কলাকেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ নৃত্যানুষ্ঠান। সন্ধিয়া অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানত শিল্পী জে পি দাস, কুইন দাস, সীমান্ত শেখৰ,আস্হাৰূপা, বৰণ বিকাশ আদিয়ে অংশগ্ৰহণ কৰিব।১৯ জানুৱাৰীৰ সন্ধিয়া সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰে ভোগালী বিহু উৎসৱৰ সামৰণি পৰিব। ইপিনে, চহৰখনৰ শিৱনগৰ ভোগালী বিহু উৎসৱ সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। বিহু উপলক্ষে আজি শিৱনগৰ এলেকাত আকৰ্ষণীয় শোভাযাত্ৰা উলিওৱা হয়।
প্ৰেৰক কনক হাজৰিকা