নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ বুকুৰ পৰা কাঢ়ি নি ডেৰমহীয়া শিশুক হত্যা

🔹 নগৰবেৰাৰ খামেৰীত ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : মাতৃৰ বুকুৰ পৰা অচিনাক্ত দুৰ্বৃত্তই টানি নি পুখুৰীত পেলাই হত্যা কৰিলে এটি দেৱশিশুক | মৃত ডেৰমহীয়া শিশুটি নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী গাঁৱৰ ফুলচান আলীৰ পুত্ৰ | সোমবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গাঁৱখনত এক আতংকৰ লগতে তীব্ৰ চাঞ্চল্য বিয়পে | ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত নগৰবেৰা আৰক্ষী উপস্থিত হয় | শিশুটিৰ নিথৰ দেহ আৰক্ষীয়ে চিকিৎসালয়লৈ নিয়াত চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰা হয় |ৰাইজ তথা ছাত্ৰ সংগঠনে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে যদিও প্ৰকৃত ঘটনা আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like