নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ৰজাগড়ৰ এটা পথে জলাকলা খুৱাইছে ৰাইজক

🔹 উন্নয়নে ঢুকি নোপোৱা এখন গাঁৱৰ ৰাইজৰ দুৰ্ভোগ

নিয়মীয়া বাৰ্তা,  ১ জুন : বিটিআৰৰ এটা গ্ৰাম্য পথে জীয়াতু ভোগাইছে সাধাৰণ জনতাক। ওদালগুৰি জিলাৰ ৰজাগড়বাসীয়ে এটা পথৰ বাবে ভুগিছে এতিয়া নৰক যাতনা। বাৰে বাৰে জনপ্ৰতিনিধিক আহ্বান জনায়ো কোনোধৰণৰ সুফল নাপালে । প্ৰতিবছৰে কেৱল প্ৰতিশ্ৰুতিতে সামৰণি মাৰে স্থানীয় জনপ্ৰতিনিধিয়ে ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ সদা ব্যস্ত এটা গ্ৰাম্য পথ । এই পথটো ৪নং ৰজাগড়ৰ পৰা ধৰমজুলি হৈ শুক্লাই সংযোগী পথ ৷ এই পথটোত এতিয়া গাড়ী-মটৰ বাদেই, সাধাৰণ পথচাৰীৰ বাবেও যাতায়াতৰ বাবে দুৰ্বিষহ হৈ পৰিছে ৷ কিয়নো এজাক বৰষুণতে পথ নে পুখুৰী ধৰিবই নোৱাৰি । বিগত সময়ছোৱাত বিটিআৰত ক্ষমতাত থাকিও ১৭ বছৰে BPF চৰকাৰে এই পথটো মেৰামতি বা উন্নতিৰ বাবে একো কাম নকৰিলে ৷ ফলত পৰৱৰ্তী সময়ত ৰাইজে ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ  চৰকাৰক শাসনৰ গাদীত বহুৱালে ৷ পিছে এই পথটোৰ দুৰৱস্থা বৰ্তমানো একেই থাকিল ৷ যিখন গাঁৱত ৰোগী আনিবলৈ যাব নোৱাৰে এম্বুলেন্স, এম্বুলেন্স নিব লাগিলে এশবাৰ ভাবিবলগীয়া হয় । কেৱল সেয়াই নহয়, এই গাঁওখন বৰনদী অভয়াৰণ্যৰ সমীপত অৱস্থিত হোৱা বাবে নিশা হ’লেই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়, পিছে পথৰ শোচনীয় অৱস্থাৰ বাবে হাতী খেদিবলৈকো ওলাই আহিব নোৱাৰে গাঁওবাসী । ৰজাঘৰীয়াৰ বৰমূৰীয়া নেতাসকলে এই পথটোৰে প্ৰতিদিনে ছাইৰেন বজাই অহা-যোৱা কৰে যদিও আজিলৈকে চকুত নপৰিল । যাৰ বাবে আগন্তুক বিটিচি নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে । মুঠতে এতিয়া ওদালগুৰি জিলাৰ ভেৰগাঁও তথা ননৈ ছেৰফাং সমষ্টিৰ অন্তৰ্গত এই বিধ্বস্ত পথৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে। ৪নং ৰজাগড়, ধৰমজুলি জংগল হৈ ওদালগুৰি-তামুলপুৰ (ইউটি) ৰোড ওলোৱা অতিকৈ ব্যস্ত পথটোত এতিয়া ভূঁই ৰুব পৰা হৈছে । স্বাধীনতাৰ ৭৬ বছৰ পিছতো অতিকৈ জৰাজীৰ্ণ অৱস্থাতে আছে এই পথটি ৷ এই পথেদি দৈনিক অঞ্চলটোৰ শ শ বাহন, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ চাহ খেতিয়কৰ গাড়ী, সামৰিক বাহিনীৰ গাড়ী অহা-যোৱা কৰে যদিও বিধ্বস্ত পথটোৰ বাবে অঞ্চলবাসীয়ে যমৰ যাতনা ভুগি আহিছে। আগন্তুক BTR নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণ নকৰে, ভোট বৰ্জন কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰলৈ অহা জনপ্ৰতিনিধিক গাঁওখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ হুংকাৰ দিয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । পৰৱৰ্তী সময়ত পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰে এই পথটো মেৰামতিৰ ক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেইটোহে লক্ষণীয়।
প্ৰেৰক পিংকু কলিতা
You might also like