নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত ননৈ নদীৰ গৰাখহনীয়াৰ কবলত ২নং নিজ গৰুৱাঝাৰৰ মৌলবী চুবা

নিয়মীয়া বাৰ্তা,  ৩ জুলাই : ৰাজ্যত আহাৰমহীয়া বৰষুণৰ ফলত বিভিন্ন প্ৰান্ত প্ৰবল বানপানী-গৰাখহনীয়াৰ কবলত পৰি থকাৰ সময়তে ওদালগুৰি জিলাৰ গৰুৱাঝাৰতো বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ চলিছে । ভূটানৰ পৰা বৈ অহা ননৈ নদীয়ে ভেৰগাঁৱৰ বিভিন্ন প্ৰান্তত বানপানী-গৰাখহনীয়া সৃষ্টি কৰাৰ লগতে গৰুৱাঝাৰতো নৈপৰীয়া পোন্ধৰটাকৈ পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে । ননৈ নদীৰ গৰাখহনীয়াত ২নং নিজ গৰুৱাঝাৰৰ মৌলবী চুবাত ইতিমধ্যে ১৫টা পৰিয়ালৰ প্ৰায় ৭০/৮০ বিঘা খেতি-মাটি, তামোল বাৰী নৈৰ বুকুত জাহ যোৱাৰ বাবে চিন্তিত হৈ পৰিছে গাঁওবাসী । প্ৰতি বছৰে বাৰিষা কালত ননৈ নদীৰ খহনীয়াই উটুৱাই নিছে গাঁওখনৰ বহুতো পৰিয়ালৰ খেতি-মাটি । স্থানীয় ইএম তথা জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো বছৰে কাণসাৰ নিদিয়াৰ অভিযোগ কৰে নৈপৰীয়া বাসিন্দাসকলে । চকুৰ সন্মুখতে নিজৰ খতি-মাটি, গছ-বাঁহ নৈৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে গাঁওবাসীৰ। যিহেতুকে একেৰাহে খহনীয়া হৈ থাকিলে ঘৰ-বাৰী, সা-সম্পত্তি হেৰুৱাবলগীয়া হৈ পৰিব, সেয়ে শীঘ্ৰে বান্ধ নিৰ্মাণ কৰি গৰাখহনীয়া ৰোধ কৰি গাঁওখনক ৰক্ষা কৰিবলৈ জনপ্ৰতিনিধিক পুনৰ কাতৰ আহ্বান জনাইছে ।

প্ৰেৰক পিংকু কলিতা

You might also like