নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাঙাপানীত ৰাজপথ দখলক লৈ উত্তপ্ত পৰিস্থিতি, ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাঙাপানীত ৰাজপথতে একাংশৰ বেদখল। বেদখলকাৰীক উচ্ছেদৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ | উত্তৰ ৰাঙাপানীত অবৈধ বেদখলকাৰীয়ে সদাব্যস্ত এটা ৰাজপথতেই খুঁটা পুতি থোৱাক লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে |ধনবল-বাহুবলেৰে খুঁটা পুতি বলপূৰ্বক দখল কৰিছে ৰাজপথ। পথৰ মাজত মজবুতকৈ খুঁটা পোতাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে যান-বাহন চলাচলত | ১ নং উত্তৰ ৰাঙাপানীৰ পৰা কাছুমাৰা হৈ সোণতলী সংযোগী গুৰুত্বপূৰ্ণ পথটিত গাঁওখনৰ ক্ৰমে হিকিম আলী, শ্বহিদুল ইছলাম, একাব্বৰ আলী নামৰ তিনিটাকৈ প্ৰভাৱশালী পৰিয়ালে বলপূৰ্ব্বক খুঁটা পুতি যাতায়াতলৈ আহুকাল নমোৱাৰ অভিযোগ | চৰকাৰী ৰাজপথটি পৈতৃক সম্পত্তিৰ দৰে দখলৰ প্ৰয়াসক ৰাইজে ধিক্কাৰ দিয়াৰ উপৰি বেদখলকাৰীক উচ্ছেদৰ দাবীত আজি পুৱাতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ৰাইজ আৰু বেদখলকাৰী পক্ষৰ মাজত হয় তুমুল বাকবিতণ্ডাও | ৰাইজে ৰাজপথ অৱৰোধ কৰি বেদখল উচ্ছেদৰ দাবীত উত্তাল প্ৰতিবাদো সাৱ্যস্ত কৰে | পথটি বেদখলমুক্ত কৰিবলৈ ৰাইজে সংশ্লিষ্ট প্ৰশাসনক বহু আবেদন জনায়ো সুফল নোপোৱাৰ অভিযোগ। অৱশেষত ৰাইজে প্ৰতিবাদৰ যোগেদি এই স্পৰ্শকাতৰ বিষয়টোলৈ লক্ষ্য কৰি চৰকাৰক সুচল যাতায়াতৰ দিহা কৰাৰ দাবী জনাইছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like