নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত কংগ্ৰেছ গ’ বেক ধ্বনিৰে উত্তাল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : কংগ্ৰেছ গ’ বেক, কংগ্ৰেছ হায় হায় ধ্বনিৰে আজি উত্তাল হৈ পৰে সোণাপুৰ৷ সোণাপুৰৰ কচুতলিত সংঘটিত ঘটনাৰ বাবে আজি দিনৰ ভাগত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে কচুতলি অঞ্চলত প্ৰৱেশ কৰিব বিচৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিৱেশ ৷ অগ্নিগৰ্ভা হৈ থকা কচুতলিত সাধাৰণ লোকক প্ৰৱেশত বাধা আৰোপ কৰাৰ সময়তে আজি কংগ্ৰেছৰ বিধায়ককেইগৰাকীয়ে অঞ্চলটোত প্ৰৱেশ কৰি এক কুটিল ৰাজনীতি কৰিব অহা বুলি উল্লেখ কৰে ৰাইজে ৷ ঘটনাটোক লৈ কংগ্ৰেছে ৰাজনীতি মেৰুকৰণ কৰি পুনৰ জ্বলা জুইত ঘিউ ঢালিব অহা বুলি উল্লেখ কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷ উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ককেইগৰাকী অহাৰ খবৰ পোৱাৰ লগে লগে কচুতলি সংযোগী ২৭নং ৰাষ্ট্ৰীয় পথত সমৱেত হয় শ শ জনতা৷ সোণাপুৰ কচুতলিত বেদখলকাৰী উচ্ছেদৰ সময়ত আৰক্ষী প্ৰশাসনৰ ওপৰত চলা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত আজি মানৱ শৃংখল প্ৰতিবাদী সমদল কাৰ্যসূচী আছিল ৷ তেনে সময়তে কংগ্ৰেছৰ বিধায়ককেইগৰাকীয়ে কচুতলিত প্ৰৱেশ কৰিব বিচাৰোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ প্ৰায় দুঘন্টা ধৰি ২৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে নানান বাত বিতণ্ডা ঠেলাঠেলি পৰিবেশৰ সৃষ্টি হয় বিধায়ককেইগৰাকীৰ লগতে স্থানীয় ৰাইজৰ মাজত ৷ অৱশেষত ৰাষ্ট্ৰীয় পথৰ পৰাই উভতি যাবলগীয়া হয় বিধায়ককেইগৰাকী ৷ উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলি, সোণাপুৰ পথাৰত দীৰ্ঘ বছৰ ধৰি একাংশ অবৈধ লোকে বসবাস কৰি আছিল। নিশাৰ ভিতৰতে বহু অবৈধ লোকে চালি দি বসবাস কৰিছিল।এনে ঘটনাই অঞ্চলবাসীক চিন্তিত কৰিছিল। যাৰ বাবে জিলা প্ৰশাসনে সেইসকল অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিছিল। চাৰিটা দিন উচ্ছেদ কাৰ্য শান্তিপূৰ্নভাবে চলিল। কিন্তু পিছৰ দিনা উচ্ছেদ কৰিব যাওঁতে বেদখলকাৰীয়ে আৰক্ষীৰ ওপৰত লাঠী, জোং লৈ জঁপিয়াই পৰে।আৰক্ষীয়ে গুলীবৰ্ষণ কৰিবলগীয়া হ’ল। যাৰ বাবে ২৪জন আৰক্ষীৰ লগতে ১৩জন উচ্ছেদকাৰী আহত হয়। ইয়াৰে তিনিজন উচ্ছেদকাৰী নিহত হ’বলগীয়া হয়। এনে ঘটনাৰ বাবে ঘটনাস্থলীত ডিজিপি উপস্থিত হৈ তদন্ত কৰি নিজাববীয়াকৈ সোণাপুৰ থানাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

প্ৰেৰক ৰমেশ দাস

You might also like