নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত বান বিভীষিকাৰ মাজতে গৰাখহনীয়াৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগৰ মালিৰ আলগা গাঁও পঞ্চায়তৰ নেৱাজেচপুৰ আৰু বৰ্মনপাৰা গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া ৷ গাঁওখনলৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই চৰম ভাবুকি কঢ়িয়াই আনিছে৷ ইতিমধ্যে খহনীয়াত নদীৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ ব্ৰহ্মপুত্ৰত জাহ গৈছে ধৰ্মীয় প্ৰতিষ্ঠান আৰু শিক্ষা প্ৰতিষ্ঠানৰ লগতে চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন আঁচনিৰ ঘৰে ঘৰে পানী যোগান ধৰা পাইপ আৰু টেপসমূহ ৷ গৰাখহনীয়াৰ কবলত পৰি নেৱাজেচপুৰ আৰু বৰ্মনপাৰা গাঁও ইতিমধ্যে নিশ্চিহ্ন হোৱাৰ পথত ৷ গাঁওখনত থকা লোকসকল বৰ্তমান খহনীয়াৰ কবলত পৰি ভীতিগ্ৰস্ত আৰু আতংকিত হৈ পৰিছে ৷ খহনীয়াত সৰ্বস্বান্ত হোৱা লোকসকলে আশ্ৰয় বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অচিৰেই এই ভয়াৱহ খহনীয়া সমস্যাৰ স্থায়ী ব্যৱস্থা নকৰিলে সমগ্ৰ অঞ্চলটোলৈ এক দুৰ্যোগ নমাই আনিব। সেয়ে অঞ্চলবাসী ৰাইজে এতিয়া আতংকত দিন কটাবলগীয়া হৈছে৷ স্থানীয় ৰাইজে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দবী জনাইছে ৷

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like