🔹 ৯ লাখ টকাত ১৯ গাড়ী শিল ছটিয়াই দায়িত্ব সামৰিলে ঠিকাদাৰে
🔹 কুঁৱৰীগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : টিংখাঙৰ এটা জৰাজীৰ্ণ পথ ৰাইজৰ দান-বৰঙণিৰে শিল ক্ৰয় কৰি শ্ৰমদানেৰে মেৰামতি কৰিছে গাঁওবাসীয়ে। টিংখাঙৰ কোঁৱৰীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত (বৰ্তমান নতুনকৈ সমষ্টি নিৰ্ধাৰণ কৰাত নাহৰকটীয়া সমষ্টিত অন্তৰ্ভুক্ত) ২ নং গড়গুৰি গাঁৱৰ প্ৰায় চাৰে চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ একমাত্ৰ পথটো বাৰিষা জৰাজীৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰে । গড় আলিৰ পৰা মাহমৰা গড়কাপ্টানী পথত কেইবাখনো গাঁৱৰ মাজেৰে পথটো সংযোগ হৈছে। অতি ব্যস্ততাপূৰ্ণ একমাত্ৰ পথটোত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাত স্হানীয় ৰাইজৰ দুখ কুলাই-পাচিয়ে নধৰা অৱস্থা । স্থানীয় ৰাইজে অৱগত কৰা মতে, পথটো নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা ৯ লাখ টকা আবণ্টন লাভ কৰিছিল। কিন্তু এই ৯ লাখ টকাৰ বিনিময়ত পথটোত কেৱল ১৯ গাড়ী শিল ছটিয়াই দায়িত্ব সামৰিলে ঠিকাদাৰে। পথটো নিৰ্মাণৰ ঠিকাৰ দায়িত্বত কোঁৱৰীগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকী থকা বুলিও ৰাইজে সন্দেহ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ঠিকাও সভানেত্ৰীগৰাকীয়ে লয় বুলি দাবী কৰে ৰাইজে। পথটোৰ ক্ষেত্ৰত চৰকাৰী বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিও কোনো সুফল নোপোৱাত চৰকাৰলৈ বাট নাচাই ৰাইজে শ্ৰমদানেৰে পথ মেৰামতি কৰিবলৈ উদ্যোগ গ্ৰহণ কৰে। ৰাইজৰ দান-বৰঙণিৰে শিল ক্ৰয় কৰি পথত ছটিয়াই যাতায়াতৰ ব্যৱস্থা কৰি লৈছে । এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণত প্ৰকৃততে যদি দুৰ্নীতি সংঘটিত হৈছে, তেতিয়াহলে তদন্তৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।
প্ৰেৰক কৃষ্ণ গগৈ