আজি কালী পূজা–‘গ্রীন’ দীপাৱলী: চাকি–বন্তিৰে উজলিব ৰাজ্য
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ সমাজৰ পৰা অসূয়া–প্রীতি দূৰ কৰাৰ প্রার্থনাৰে আজি ৰাজ্যবাসীয়ে পালন কৰিব কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী৷ কালী পূজা উপলক্ষে বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীসমূহত মা কালীক ভক্তই আগবঢ়াব পূজা–র্চনা৷ শ্যামা পূজা হিচাপেও জনাজাত কালী পূজা হৈছে দুর্গাপূজাৰ পাছতে পালন কৰা অন্যতম ধর্মীয় পৰম্পৰা৷ পশ্চিমবংগ, ওড়িশা আৰু অসমত কালী পূজা বিশেষভাৱে উদ্যাপন কৰা হয়৷
ইপিনে, আজি আৰু দেওবাৰে ৰাজ্যত উদ্যাপন কৰা হ’ব দীপাৱলী৷ চাকি–বন্তিৰ পোহৰেৰে উজলি উঠিব সমগ্র ৰাজ্য৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ মাজতে আজি ৰাজ্যবাসীয়ে পোহৰৰ উৎসৱ উদযাপন কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে৷ ৰং–বিৰঙী বৈদ্যুতিক চাকিৰে সজাই–পৰাই তোলা হৈছে বাসগৃহৰ লগতে চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ৷ মাটিৰ চাকিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ সেউজ দীপাৱলী উদযাপনৰ বাবে বিভিন্ন দল–সংগঠন আৰু অনুষ্ঠান–প্রতিষ্ঠানে ৰাজ্যবাসীক আহ্বান জনাইছে৷ বিশেষকৈ ফটকা–আতচবাজী আদি ফুটোৱাৰ পৰা বিৰত থাকি প্রদূষণ ৰোধ কৰাৰ লগতে ক’ৰোনা ভাইৰাছৰ সময়ত স্বাস্থ্যৰ প্রতি হ’ব পৰা ক্ষতিৰ পৰা সকলোকে বাচি থাকিবলৈ আহ্বান জনাইছে৷
ইতিমধ্যে প্রদূষণ নিয়ন্ত্রণ ব’র্ডে ফটকা–আতচবাজী আদিৰ বিক্রীত নিষেধাজ্ঞা জাৰি কৰিছে৷ ৰাজ্যৰ বিভিন্ন জিলাত সংশ্লিষ্ট প্রশাসনে ফটকা ফুটোৱাৰ বাবে নির্দিষ্ট সময় নির্ধাৰণ কৰি দিয়াও পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে পৰিৱেশৰ ক্ষতি নকৰা সেউজ ফটকা, আতচবাজী আদি ফুটাবলৈ ৰাইজক আহ্বান জনাইছে প্রশাসনে৷
ইফালে, ৰাজ্যবাসীক পোহৰৰ উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ নিৰাপদ আৰু প্রদূষণমুক্ত দীপাৱলী উদ্যাপন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্রী সোণোৱালে কয়– ‘পোহৰৰ উৎসৱ দীপাৱলী হৈছে আন্ধাৰৰ অমানিশা নাশ কৰি আলোকৰ জয়যাত্রা শক্তিশালী কৰা এক পৱিত্র উৎসৱ৷ পোহৰৰ এই উৎসৱে সমাজৰ কু–সংস্কাৰ, অসূয়া, অশান্তি তথা সমাজৰ অপশক্তিসমূহক নাশ কৰি এখন সুন্দৰ সমাজ নির্মাণৰ দিশত প্রতিগৰাকী অসমবাসীক সংকল্পবদ্ধ হোৱাৰ বাবে অনুপ্রেৰণা জগাব৷’
ইফালে, দীপাৱলী উদ্যাপনৰ নামত ৰাজ্যখনৰ নিকা বায়ুমণ্ডল কোনো কাৰণতে যাতে প্রদূষিত নহয়, তাৰ বাবে প্রদূষণ সৃষ্টি কৰা সামগ্রী ব্যৱহাৰ নকৰাকৈ প্রাকৃতিকভাৱে উপলব্ধ সামগ্রী ব্যৱহাৰেৰে সেউজ দীপাৱলী উদ্যাপনৰ বাবে তেওঁ আহ্বান জনায়৷ একে সময়তে আজি গুৱাহাটীৰ কামাখ্যা গেটত মাটিৰ চাকি ক্রয় কৰাৰ লগতে বিক্রেতাসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইয়াৰ পাছতে সংবাদ মাধ্যমেৰে হোৱা বার্তালাপত তেওঁ কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰশীল ভাৰতবর্ষ গঢ়াৰ স্বার্থত ভোকেল ফৰ লোকেলৰ বাবে জনসাধাৰণক আহ্বান জনাইছে৷ আমাৰ নিজা উৎপাদিত সামগ্রীক লৈ আমি গৌৰৱান্বিত হ’ব লাগিব৷ বিশ্বৰ বজাৰ দখল কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিব লাগিব৷’ ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও দীপাৱলী আৰু কালীপূজা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷
উল্লেখ্য যে দীপাৱলীৰ প্রাকক্ষণত আজি সমগ্র দেশৰ লগতে ৰাজ্যতো উদ্যাপন কৰা হয় ধনতেৰছ৷ এই উপলক্ষে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত সোণ–ৰূপৰ গহনা ক্রয় কৰিবলৈ বিপণীসমূহত গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হয়৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সৃষ্টি হোৱা আর্থিক মন্দাৱস্থাৰ মাজতে ধনতেৰছৰ পৱিত্র পৰম্পৰা ৰক্ষা কৰি সোণ–ৰূপৰ গহনাৰ লগতে একাংশই ক্রয় কৰে বাচন–বর্তন৷ প্রবাদ অনুসৰি লক্ষ্মীক ঘৰলৈ আদৰাৰ বাবেই উদ্যাপন কৰা হয় ধনতেৰছ৷