🔹 আলহী-অতিথিৰ বাবে সাজু পৰম্পৰাগত পানীয়-বিবিধ খাদ্য সম্ভাৰ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : কোনোবা গাভৰুৰ চাদৰৰ আঁচল উৰুৱাই আকাশ ৰাঙলী কৰি ধূলিয়ৰি বাটেৰে আকৌ আহিল দুষ্ট ফাগুন। চৌদিশে মদাৰ-পলাশ-শিমলু ফুলিছে। ৰাঙলী হৈছে ৰাজ্যৰ আকাশ। ফাগুন মানেই ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ উৎসৱৰ বতৰ। ফাগুন মানেই যেন ঐনিতম, গুমৰাগৰ সমাহাৰ। মদাৰ-পলাশ-শিমলু ফুলিলে নামি আহে মিচিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ আলি আয়ে লৃগাং। পলাশ-শিমলুৰ ৰঙে পৃথিৱী ৰঙীয়াল কৰাৰ সময়তেই প্ৰাণচঞ্চল হৈ আনন্দত নিমজ্জিত হৈ পৰে মিচিং ডেকা-গাভৰু। কাৰণ, ভূমিপুত্ৰ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং সমাগত। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে আলি আয়ে লৃগাঙৰ প্ৰস্তুতি। ব্যস্ততাৰ অন্ত নাই মিচিং জনগোষ্ঠীয় লোকসকলৰ। কনেঙৰ গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত মুখৰ হৈছে ৰাজ্যৰ চৌদিশ। ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং লোকসকলে পালন কৰিব জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। প্ৰাণৰ উৎসৱ আলি আয়ে লৃগাঙলৈ মাজত মাত্ৰ মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত জনগোষ্ঠীটোৰ লোকসকলে পাহাৰে-ভৈয়ামে চলাইছে ব্যাপক প্ৰস্তুতি। অনুৰূপ ধৰণে ঢকুৱাখনাৰ খেৰকটা পঞ্চায়তৰ অন্তৰ্গত বচামুখ চাৰিআলিত লৃগাঙক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। ঐনিতমৰ সুৰে মুখৰিত কৰি তুলিছে অঞ্চলটোৰ আকাশ-বতাহ। মুৰুং ঘৰৰ বাকৰিত বচামুখ চাৰিআলিৰ সকলো ডেকা-গাভৰুৱে গুমৰাগ চমানৰ নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে। নানানৰঙী সাজপাৰ পিন্ধি অঞ্চলটোৰ ডেকা-গাভৰুসকলে সৃষ্টি কৰিছে বৰ্ণিল পৰিৱেশৰ।মিচিং ডেকা-গাভৰুৱে ঐনিতমৰ তালে তালে গুমৰাগৰ আখৰা অব্যাহত ৰাখিছে লৃগাঙলৈ বুলি। সেইদৰেই প্ৰতিঘৰতে জনগোষ্ঠীটোৰ পৰম্পৰাগত পানীয় পৰ: আপঙৰ লগতে পুৰাং আপিন, শুকান মাছ আদি বিধে বিধে থলুৱা খাদ্য প্ৰস্তুত কৰিবৰ বাবে বিভিন্ন ছাইৰ টোপোলা, পাত, ঔষধি গছ-বন চাউল আদি সাজু কৰিছে ৷ লৃগাঙৰ দিনা আলহী-অতিথিক যতনাই দিবলৈ মাছ, গাহৰি মাংস আদি সাজু কৰাৰ বাবেও চলিছে প্ৰস্তুতি। শতাধিক পৰিয়াল বসবাস কৰা অঞ্চলটোত ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে একেলগে লৃগাং উপলক্ষে নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং পালনৰ বাবে এতিয়া আনন্দ মতলীয়া হৈছে ঢকুৱাখনাৰ মিচিং সমাজ।
প্ৰেৰক পুলকজ্যোতি বৰা