নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই বাঢ়িল পেট্র’ল ডিজেল–গেছ চিলিণ্ডাৰৰ দাম

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ পাঁচ ৰাজ্যৰ নির্বাচনী প্রক্রিয়া শেষ, প্রত্যাশিতভাৱেই বাঢ়িল ইন্ধনৰ মূল্য৷ দেশবাসীক মাধমাৰ শোধাই মোদী চৰকাৰে আজিৰে পৰা পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি প্রক্রিয়া আৰম্ভ কৰিলে৷ সমান্তৰালকৈ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি কৰিলে মোদী চৰকাৰে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ তাৰতম্যৰ আধাৰত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহক প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিত কেন্দ্রীয় চৰকাৰে সেউজ সংকেত দিলে৷

মোদী চৰকাৰৰ সেউজ সংকেত লাভ কৰাৰ লগে লগেই আজিৰে পৰা দেশৰ জনতাক মাধমাৰ শোধাই ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য ৮০ পইচাকৈ বৃদ্ধি কৰিলে৷ এই প্রক্রিয়া এতিয়াৰে পৰা প্রতিদিনেই চলি থাকিব৷ ৫ ৰাজ্যৰ নির্বাচনৰ পৰিপ্রেক্ষিতত মোদী চৰকাৰৰ সিদ্ধান্ত অনুসৰি ২০২১ চনৰ ৪ নৱেম্বৰৰ পৰা পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰা হোৱা নাছিল যদিও যোৱা ১০ মার্চত ৰাজ্যকেইখনৰ নির্বাচনী প্রক্রিয়া সমাপ্ত হোৱাৰ ১১ দিন পাছতেই পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি কৰা হ’ল৷

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধৰ পৰিপ্রেক্ষিতত আন্তর্জাতিক খাৰুৱা তেলৰ মূল্যবৃদ্ধি হ’লেও ভাৰতে ৰাছিয়াৰ পৰা মাত্র এক শতাংশহে আমদানি কৰে৷ দেশৰ চাহিদাৰ ৮৫ শতাংশই ভাৰতে বিদেশৰ পৰা আমদানি কৰে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবেই আজিৰে পৰা পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি প্রক্রিয়া আৰম্ভ হ’ল৷ ৮০ পইচাকৈ প্রতি লিটাৰ পেট্র’লত বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত ৰাজধানী দিল্লীত প্রতি লিটাৰ পেট্র’লৰ দাম ৯৬.২১ টকা, মুম্বাইত ১১০.৮২ টকা, কলকাতাত ১০৫.৫১ টকা আৰু চেন্নাইত ১০২.১৬ টকা৷ ইপিনে, প্রতি লিটাৰ ডিজেলত ৮০ পইচাকৈ বৃদ্ধি হোৱাত ৰাজধানী দিল্লীত ডিজেলৰ মূল্য ৮৭.৪৭ টকা, মুম্বাইত ৯৫ টকা, কলকাতাত ৯০.৬২ টকা আৰু চেন্নাইত ৯২.১৯ টকা৷

উল্লেখ্য যে পেট্র’লৰ মূল্য ১০০ টকা অতিক্রম কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে আবকাৰী শুল্ক আৰু ৰাজ্য চৰকাৰে ভেট হ্রাস কৰিছিল৷ কেন্দ্রীয় চৰকাৰে প্রতি লিটাৰ পেট্র’লত ৫ টকা হ্রাস কৰাৰ বিপৰীতে প্রতি লিটাৰ ডিজেলত ১০ টকা হ্রাস কৰিছিল৷ নৱেম্বৰৰ পৰা পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰা হোৱা নাছিল৷ তাৎপর্যপূর্ণ যে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ আধাৰত প্রতিদিনে পেট্র’ল–ডিজেলৰ মূল্য নির্ধাৰণ কৰে৷ সেইমর্মে নৱেম্বৰৰ পূর্বলৈকে প্রতিদিনে পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি কৰি দেশবাসীক মাধমাৰ শোধাইছিল৷ ৫ ৰাজ্যৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে দুয়োবিধ ইন্ধনৰ মূল্যবৃদ্ধি নকৰাকৈ ৰাখিছিল যদিও অৱশেষত নির্বাচনৰ অন্তত দুয়োবিধ ইন্ধনৰ মূল্য ৰাজহুৱা খণ্ডৰ তেল কোম্পানীক বৃদ্ধি কৰিবলৈ অনুমতি দিয়ে৷ সেইমর্মে আজিৰে পৰা পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি প্রক্রিয়া আৰম্ভ হ’ল৷

আনপিনে, ঘৰুৱা ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰাত ৰাজধানী দিল্লীত ১৪.২ কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৯৪৯.৫০ টকালৈ বৃদ্ধি পালে৷ উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বিগত বর্ষৰ জুলাইৰ পৰা অক্টোবৰলৈকে ১০০ টকা বৃদ্ধি কৰা হৈছিল যদিও দেশজুৰি চলা প্রতিবাদৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰা নাছিল৷ কিন্তু আজিৰে পৰা পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিলে৷ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূলবৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৫ কেজি চিলিণ্ডাৰৰ মূল্য ৩৪৯ টকা আৰু ১০ কেজিৰ কম্প’জিট বটলৰ মূল্য ৬৬৯ টকা হ’ব৷ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০০৩ টকা হ’ব৷

You might also like