ৰাজ্যত হ্ৰাস পালে পেট্ৰ’ল – ডিজেল আৰু সুৰাৰ মূল্য
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ আজি নিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত হ্ৰাস পাব পেট্ৰ’ল – ডিজেলৰ মূল্য। আজি বিধানসভাত এই ঘোষণা কৰে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে সুৰাৰ দামো হ্ৰাস পাব। সুৰাৰ ওপৰত থকা ২৫ শতাংশ উপকৰ বাতিল কৰা হৈছে।
আজি সদনত মন্ত্ৰী গৰাকীয়ে এতিয়াৰে পৰা ভাৰতৰ ভিতৰতে অসমত পেট্ৰলৰ মূল্য কম হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে কভিড সময়ত ৰাজ্য চৰকাৰে পেট্ৰ’ল ডিজেলৰ আৰু সুৰাৰ ওপৰত অতিৰিক্ত উপকৰ কৰ আৰোপ কৰিছিল ৰাজ্য চৰকাৰে। যাৰ বাবে পেট্ৰ’ল – ডিজেলৰ ওপৰত সৰ্বোচ্চ খুচুৰা মূল্য ৫ টকাকৈ বৃদ্ধি পাইছিল। কিন্তু আজি এই সকলো উপ কৰ বাতিল কৰা হৈছে।