নিয়মীয়া বাৰ্তা, ১৭ মে : অৱশেষত নগৰবেৰাত আৰক্ষীৰ জালত পৰিল ৱাণ্টেড পি এফ আই নেতা আব্দুল ৰেজ্জাক আলী। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰক্ষীয়ে অনুসন্ধান চলাই থকা পি এফ আই নেতা আব্দুল ৰেজাক আলীক মাজ নিশা এক অতৰ্কিত অভিযান চলাই ২নং পলাহৰটাৰীৰ নিজ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নিৰ্দেশত নগৰবেৰা থানাৰ অ’চি মিৰেল আহমেদৰ নেতৃত্বত চলা এক অভিযানত আটক হয় ২৭ বছৰীয়া পি এফ আই নেতা জন। আব্দুল ৰেজ্জাক আলী ২নং পলাহৰটাৰীৰ আব্দুল হাছেমৰ পুত্ৰ, নেতাজনক নগৰবেৰা আৰক্ষীয়ে কৰা প্ৰাথমিক জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণৰ দিহা কৰা হয়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস