নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেজাল ঔষধ বিক্ৰী কৰা ফাৰ্মাচী ছীল কৰা হ’ব : কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : বকো সমষ্টিৰ অন্তৰ্গত সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰটো মন্ত্ৰী কেশৱ মহন্ত উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কেশৱ মহন্তই ভাষণ প্ৰসংগত কয় যে সোণতলী অঞ্চলৰ অতি পুৰণি সমস্যা আজি সমাধান হল। ১৯৭৪ চনত স্থাপিত হোৱা সোণতলী ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰটো সূদীৰ্ঘ কাল পাছত ত্ৰিশখন বিছনাযুক্ত স্বাস্থ্য কেন্দ্ৰলৈ উন্নতি কৰা হৈছে যদিও পৰৱতী সময়ত ৫০খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্ৰলৈ উন্নতি কৰণ কৰিব বুলি  উদ্বোধনী সভাৰ জৰিয়তে আশ্বাস দিয়ে। সভাত উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডত গুৰত্বপুৰ্ণ ভূমিকা পালন কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনত ২২ মেডিকল কলেজত ১৫০০ ছাত্ৰ-ছাত্ৰী নতুনকৈ পঢ়িবলৈ সক্ষম হৈছে। তদুপৰি ৰাজ্যখনত আৰু ২৪খন মেডিকেল কলেজ স্থাপন কৰিব। ইপিনে নতুন কৈ দেখা দিয়া চকুৰ বেমাৰী স্বাস্থ্যকেন্দ্ৰৰ পৰা বিনামূলীয়া চকুৰ ঔষধ যোগান ধৰিব, বাহিৰৰ ফাৰ্মাচীৰ পৰা ঔষধ কিনিব নালাগে বুলি সভাত উল্লেখ কৰে। কোনো ফাৰ্মাচীয়ে ভেজাল ঔষধ বিক্ৰী কৰিলে সেই ফাৰ্মাছীখন ছীল মাৰিব বুলি সকিয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে । সোণতলী সামূহিক স্বাস্থ্যকেন্দ্ৰ খনৰ আধাৰুৱা হৈ থকা দেৱাল সম্পন্ন কৰিবলৈ আহ্বান জনায়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে যিসকলৰ ৰেচন কাৰ্ড আছে সিহঁতক ৫ লক্ষাধিক টকাৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰধান কৰাৰ সুবিধা লাভ কৰিব। সভাত বকো সমষ্টিৰ বিধায়িকা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।সভাত বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, অসম স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া প্ৰীতম দাস, নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক, সোণতলী টুপামাৰী জিলা পৰিষদৰ  সদস্য স্বাহজাহান আলী , চিকিৎসক, নাৰ্ছ,আশাকৰ্মী আদি কৰি বহু সংখ্যক বিশিষ্টি ব্যক্তিয়ে উপস্থিত থাকে।সভাত আদৰণি ভাষণ প্ৰদান কৰে সোণতলী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ কুৰবান আলী আহমেদ ।সভাত মন্ত্ৰী গৰাকীক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়।

প্ৰেৰক নয়ান আলী

You might also like