নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা প্রতিষ্ঠান ইউএছটিএমত বিক্রী হয় পিএইচডি

🔹 মুখ্যমন্ত্রীৰ গুৰুতৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী মেঘালয় (ইউএছটিএম)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মেঘালয়ৰ পাহাৰ কাটি গুৱাহাটী মহানগৰীত কৃত্রিম বান সৃষ্টিত অৰিহণা যোগোৱা ইউএছটিএমক তেওঁ ভুৱা শিক্ষা প্রতিষ্ঠান আখ্যা দিয়ে৷ কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ইউএছটিএম ভুৱা৷ তাত পিএইচডিও বিক্রী হয়৷ ইয়াৰ বাবে মোৰ ওপৰত যদি গোচৰো তৰে মই ভালেই পাম৷ পাহাৰ কটাৰ বিষয়টোক লৈ ইউএছটিএমৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মনিটৰিং কমিটীৰ কাষ চাপিব বুলিও তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে আমাৰ আবেদন সাজু হৈ আছে৷ ইউএছটিএমত ডিগ্রী–পৰীক্ষা একোৱেই নাই৷ গতিকে এইখন প্রতিষ্ঠানৰ কথা পাতি লাভ নাই৷ ইউএছটিএমৰ স্বত্বাধিকাৰজনকো তেওঁ তীক্ষ্ণ কটাক্ষ কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ ভাষ্য আছিল এনেধৰণৰ– অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ লগত ৰাখিছে৷ তেওঁলোকে মাজে মাজে কৈ থাকে, তাৰ বাদে একো নাই৷ ইউএছটিএমে শেহতীয়াকৈ আর্থিক সংকটৰ সন্মুখীন হোৱাত বিষয়টো সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ কয় যে বিদেশৰ পৰা যিখিনি পুঁজি লাভ কৰি আছিল, তাৰ পথ আমি বন্ধ কৰি দিছোঁ৷ এটা নেটৱর্কৰ জৰিয়তেও বিদেশৰ পুঁজি লাভ কৰি আছিল৷ তাৰ পথ আমি ক’ৰবাত বন্ধ কৰি দিছোঁ৷ আৰু হয়তো বহুত টকা থাকিব পাৰে, নাটকো কৰিব পাৰে৷ কাৰণ মানুহ সম্পূর্ণৰূপে প্রৱঞ্চক৷ অন্যান্য পিছপৰা শ্রেণী (অ’বিচি)ৰ ভুৱা প্রমাণ–পত্র লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্রশংসা কৰিব পাৰে, এইবিলাক কথা চিন্তা কৰি অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ণ হৈ পৰোঁ৷

You might also like