যুদ্ধ, যোদ্ধা আৰু প্ৰত্যাহ্বানঃ নিজৰ জীৱনক তুচ্ছ কৰি যুঁজিও ভাগৰি পৰা নাই সাহসী যোদ্ধা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ক’ভিড যুদ্ধত নিজৰ জীৱনক তুচ্ছ কৰি যুঁজিও ভাগৰি পৰা নাই সাহসী যোদ্ধা। PPE KIT পিন্ধি ঘণ্টাৰ পিছত ঘণ্টা বৰ্ণনাতীত কষ্ট।
খানাপাৰা ক’ভিড কেয়াৰ চেণ্টাৰত সংজ্ঞাহীন হৈ পৰিছিল নাৰ্ছ মহছিন আহমেদ। ১৫ মিনিট সংজ্ঞাহীন হৈ পৰাৰ পিছতো থমকি নহ’ল মহছিন।
কঠিন পৰিস্থিতিৰ মাজতো কৰ্ম সম্পাদন কৰি গৈছে মহছিনৰ দৰে প্ৰতি গৰাকী চিকিৎসক-চিকিৎসা কৰ্মীয়ে। বহু প্ৰত্যাহ্বানৰ মাজতো অব্যাহত আছে অক্লান্ত যোদ্ধাৰ যুদ্ধ।