নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত শিক্ষাৰ্থীক শাৰীৰিক-মানসিক নিৰ্যাতন ভাৰাঘৰৰ মালিকনীৰ, গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ডিচেম্বৰঃ ঢকুৱাখনাত ছাত্ৰীক শাৰীৰিক-মানসিক নিৰ্যাতন ভাৰাঘৰৰ মালিকনীৰ। ভুক্তভোগী ছাত্ৰীয়ে নিশাই ঢকুৱাখনা থানাত গোচৰ ৰুজু কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত চলি থকা পঞ্চম ঢকুৱাখনা গ্ৰন্থমেলাৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ ওলোৱা এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক তেওঁৰ ভাৰাঘৰৰ মালিকনীয়ে বাধা দিয়াৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰি মানসিক নিৰ্যাতন চলোৱা বুলি এটা গোচৰ ৰুজু হৈছে ঢকুৱাখনা থানাত। জানিব পৰা মতে ঢকুৱাখনাৰ কাঠৰবাৰীত থকা মাণিক গগৈ নামৰ স্বতাধিকাৰীজনৰ মেছত থকা এগৰাকী ছাত্ৰীয়ে তেওঁৰ ৰূমমেটৰ লগত যোৱানিশা ঢকুৱাখনা গ্ৰন্থমেলাৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ ওলাইছিল। দীপা গগৈ নামৰ মেছৰ মালিকনীগৰাকীয়ে যাব নালাগে বুলি বাধা দিয়ে। ইয়াকে লৈ কৃষ্ণা বৰা নামৰ ঢকুৱাখনা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ সৈতে তৰ্কবাদ হয়। তৰ্কবাদে চুড়ান্ত অৱস্থা পোৱাত মেছৰ মালিকনীগৰাকীয়ে কৃষ্ণাক প্ৰহাৰ কৰি চুৰ্ণিৰে ডিঙি চেপি ধৰি হত্যাৰ অপচেষ্টা চলাই বুলি অভিযোগ উঠিছে। এই ঘটনাক লৈ নিশাই কৃষ্ণা বৰাই ঢকুৱাখনা থানাত মেছৰ মালিক মাণিক গগৈ আৰু মালিকনী দীপা গগৈৰ বিৰুদ্ধে নিশাই ঢকুৱাখনা থানাত গোচৰ তৰিছে। উল্লেখ্য যে সমগ্ৰ ঘটনাটো প্ৰকৃততে কি? সকলো তথ্য আৰক্ষীৰ সঠিক অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব।

You might also like