ধুবুৰী মেডিকেলৰ ফিজিঅ’থেৰাপিষ্ট কভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ডিএমচিএইচ)ৰ এগৰাকী ফিজিঅ’থেৰাপিষ্ট ক’ভিড আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ নমুনাৰ ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল আজি পজিটিভ আহিছে। নেইবাৰ ৰ’হমান নামৰ ফিজিঅ’থেৰাপিষ্ট গৰাকীক বৰ্তমানে হোম আইচ’লেছনত ৰখা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী