নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ হাবি বৰঙাবাৰীত গাহৰি ফাৰ্ম খোলা যুৱকৰ পৰিয়ালক এঘৰীয়া

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ বাংগালোৰত উচ্চ শিক্ষা গ্ৰহণ কৰি ৭ বছৰ চাকৰি কৰিও চাকৰি বাদ দি এজন যুৱকে এবুকু আশা লৈ উভতি আহিছিল ঘৰলৈ। ইচ্ছা আছিল গাঁৱত থকা নিজা মাটিতে কৰিব ফাৰ্মিং। ফাৰ্মিঙৰ জৰিয়তে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন দুজনকো কৰিব সংস্থাপন। সেই আশাৰেই যুৱকজনে ইটোৰ পাছত সিটো ফাৰ্মিঙৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিছিল। বিশ্বকৰ্মা পূজাৰ আগদিনা যুৱকজনে নিজৰ ফাৰ্মিঙত সংযোজন কৰিছিল সৰুকৈ এখন গাহৰি ফাৰ্ম। কিন্তু গাহৰি ফাৰ্ম খোলাৰ পাছতে যুৱকজন পৰিল ৰাইজৰ ৰোষত। বিশ্বকৰ্মা পূজাৰ দিনাই যুৱক জনলৈ আহিল ৰাইজৰ চৰম সিদ্ধান্তৰ খবৰ। খবৰ টো শুনি হতবাক যুৱকজন লগতে তেওঁৰ পৰিয়াল। গাহৰি ফাৰ্ম খোলাৰ অপৰাধত যুৱকজনৰ পৰিয়ালক ৰাইজে কৰিলে এঘৰীয়া। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী অঞ্চলৰ বড়ী গাঁৱত। দীপাঙ্কৰ নাথ নামৰ যুৱকজনৰ বিৰুদ্ধে এখন উচ্চ শিক্ষিত ৰাইজে লৈছে চৰম সিদ্ধান্ত। বৰ্তমান নিৱনুৱাৰ জলন্ত সমস্যাৰে জৰ্জৰিত হৈ আছে আমাৰ ৰাজ্য। এনে ক্ষেত্ৰত মৰিগাঁৱৰ হাবিবৰঙাবাৰী অঞ্চলৰ বড়িগাঁৱৰ দীপাঙ্কৰ নাথৰ এনে পদক্ষেপক সন্মান জনাই ৰাইজে দিব লাগিছিল গামোচা। কিন্তু দিলে এঘৰীয়া কৰাৰ দৰে চৰম শাস্তি। দীপাঙ্কৰে নিজৰ গাহৰি ফাৰ্মখন বিশ্ব কৰ্মা পূজাৰ দিনা মাহ প্ৰসাদ আৰু বিভিন্ন নৈবেদ্য আগবঢ়াই শুভাৰম্ভ কৰিবলৈ গাঁৱৰ ৰাইজক মাতিছিল নাম প্ৰসঙ্গৰ বাবে। কিন্তু গাঁৱৰ ৰাইজে দিপাংকৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চৰম সিদ্ধান্ত গ্ৰহণ কৰি কোনো এজন গাঁৱৰ ব্যক্তি উপস্থিত নহল দীপাংকৰৰ ঘৰত। ফলত পৰি থাকিল প্ৰসাদ আৰু সকলো নৈবেদ্য। অৱশেষত উপায়বিহীন হৈ দীপাঙ্কৰ মাতৃয়ে নিজেই জ্বলাই দিলে এগছি চাকি। কিন্তু ৰাইজলৈ আগবঢ়োৱা প্ৰসাদ খাবলৈ নাহিল এজনো ব্যক্তি। কেৱল খবৰ আহিল দীপাঙ্কৰৰ পৰিয়ালক এঘৰীয়া কৰাৰ ৷ এনে ঘটনাৰ পাছত একে গাঁৱৰে আন এজন ভুক্তভোগী নিবনুৱা যুৱকৰ গুৰুতৰ অভিযোগ ৰাইজৰ বিৰুদ্ধে। প্ৰেমানন্দ নাথ নামৰ যুৱকজনে কৰা অভিযোগ অনুসৰি আজিৰ পৰা চাৰি বছৰ আগতে তেওঁকো একে অপৰাধত একেখন ৰাইজে কৰিছিল এঘৰীয়া। তেওঁ অভিযোগ কৰি কয়, আমাৰ গাঁৱত মদ গাহৰি বহুতৰ ঘৰতে চলে। এইবোৰ খোৱাত হেনো বাধা নাই, কিন্তু গাহৰি পালন কৰি আত্মনিৰ্ভৰশীল হোৱাতহে বাধা আছে৷ উল্লেখ যে এনে সমাজ ব্যৱস্থাই আৰু কিমানজন দীপাংকৰ প্ৰেমানন্দক জীৱন জিনাৰ সপোন ভাগিব? কোন দিশে গতি কৰিছে আজিৰ একবিংশ শতিকাৰ আমাৰ সমাজ ব্যৱস্থা। ই এক লাখটকীয়া প্ৰশ্ন ৷

প্ৰেৰক মানস নাথ

You might also like