বকোত বিজেপিৰ বুথ-মণ্ডল পৰ্যায়ৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকা
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: কামৰূপৰ বকোত সোমবাৰে বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টিৰ এখনি মণ্ডল আৰু বুথ পৰ্যায়ৰ সভা। সভাত বুথৰ নৱ নিৰ্বাচিত সভাপতি সকলক সম্ভাষণ জনোৱাৰ লগতে ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত অসম চৰকাৰৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীগৰাকীৰ লগত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, অনূসূচীত জনজাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ লাৱন্য বড়োৰ লগতে দলীয় বহু বিষয়ববীয়া সকল উপস্থিত থাকে।
সভাৰ শেষত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই কয় যে আজি আমাৰ মূলত: দলৰ সাংগঠনিক দিশৰ বিষয়ে আলোচনা কৰিলোঁ আৰু নৱনিৰ্বাচিত বুথ সভাপতি সকলৰ লগত বহিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অহা ১৪ এপ্ৰিলত যি ভ্ৰমণ এই ভ্ৰমণত আমাৰ কিবা কৰিবলগীয়া আছে নেকি তাৰ বিষয়ে আলোচনা কৰিলোঁ।
প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন