সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ
বিভাগীয় বিষয়াক প্ৰত্যক্ষভাৱে আঁচনিৰ সঠিক ৰূপায়ণৰ তদাৰক কৰিবলৈ নিৰ্দেশ
নিয়মীয়া বাৰ্তা, ১৮ জুন: অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লয়। শেহতীয়াকৈ হোৱা মন্ত্ৰীসভাৰ সালসলনিত নতুনকৈ লাভ কৰা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব লোৱাৰ পাছত আজি দ্বিতীয় বাৰৰ বাবে বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠক অনুস্থিত কৰি মন্ত্ৰী গৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকল, দিব্যাংগসকল, অনুসূচীত জাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা বিভিন্ন চৰকাৰী আঁচনি আৰু সুবিধাসমূহৰ বুজ লয়।
বৈঠকৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ বিষয়ে বুজ লৈ এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে বিষয়াসকলক প্ৰত্যক্ষৰূপত তদাৰক কৰিবৰ বাবে নিৰ্দেশ দিয়ে। বিষয়াসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিসমূহ ৰূপায়ণৰ প্ৰতিবেদন প্ৰস্তুত আৰু দাখিল কৰাতকৈ ব্যৱহাৰিক ক্ষেত্ৰত গাঁওসমূহত ভালদৰে ৰূপায়িত হৈছে নে নাই সেয়া বেছি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে প্ৰত্যক্ষ তদাৰক থকাতো খুবেই প্ৰয়োজনীয়। উল্লেখ্য যে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত বিগত সময়ত অসমত প্ৰথম পৰ্যায়ত ৬৮ খন গাঁও সামৰি উন্নয়নমূলক কামৰ বাবে প্ৰয়োজনীয় কাম কাজ আগবঢ়োৱা হৈছে। মন্ত্ৰীগৰাকীয়ে এই সকলো কামৰ সঠিক আৰু নিৰৱিচ্ছিন্ন তদাৰক কৰিবৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।
আনহাতে অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে থকা জলপানি আঁচনিসমূহৰ বুজ লৈ মন্ত্ৰী গৰাকীয়ে কয় যে তুলনামূলকভাৱে বিগত সময়ত যথেষ্ট কমসংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই জলপানিৰ বাবে আবেদন কৰিছে । এই ক্ষেত্ৰত অনলাইন আবেদন প্ৰক্ৰিয়া যাতে হেঙাৰ হ’ব নোৱাৰে তাৰ বাবে আবেদন কৰাৰ পদ্ধতি অনলাইন আৰু অফলাইন দুয়োটা ৰাখিবলৈ নীতি প্ৰস্তুত কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই আজিৰ বৈঠকতে দিব্যাংগসকলৰ বাবে থকা ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বুজ লৈ এনে আঁচনিৰ অধীনৰ সুবিধাসমূহ যাতে অসমৰ সকলো পাবলগীয়া ব্যক্তিয়ে লাভ কৰাটো সুনিশ্চিত হয় তাৰ বাবে কাম কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ অধীনত থকা বৃদ্ধাশ্ৰম, দিব্যাংগসকলৰ বাবে থকা বিদ্যালয় আদি সঠিকভাৱে পৰিচালনা কৰি বিশেষকৈ পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশনা প্ৰদান কৰে।
আজিৰ বৈঠকত সমাজ কল্যাণ, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়া, ৰাজ্যিক ড্ৰাগচ বিৰোধী আৰু প্ৰতিৰোধ পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতী, সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ভৱানী প্ৰসাদ শৰ্মাৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল।