নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত পিংপং বল অখিল : মুখ্যমন্ত্ৰীৰ কটাক্ষ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ অধিৱেশন। অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈক পিংম্পং বলৰ লগত তুলনা কৰে। কিয়নো সদনত মুখ্যমন্ত্ৰীৰ উত্তৰৰ সময়ত বাৰে বাৰে আসনৰ পৰা উঠি কথা কোৱাক কেন্দ্ৰ কৰি পিংম্পং বলৰ উদাহৰণ দি অখিলক ইতিকিং কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে সদনত অখিল গগৈক মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰামৰ্শ- পাৰিলে দহজন বিধায়ক জিকাই আনক আৰু ৩০ মিনিট সময় কথা ক’বলৈ লওঁক, আপত্তি নাই তাত মোৰ আপত্তি নাই। কিন্তু ৰাইজে কেৱল এজনকে নিৰ্বাচিত কৰিলে, অহাবাৰ সেয়াও হয় নে নহয় তাত প্ৰশ্নবোধক আছে। লগতে তেওঁ কয়, বিজেপিত যোগদান কৰক, তেতিয়া সদনত কথা ক’বলৈ সময় বেছি পাব। পূৰ্বৰ বিদ্যুৎ মন্ত্ৰীসকলে যিদৰে ৰাজ্যৰ বিদ্যুতৰ কথা চিন্তা কৰিব লাগিছিল, সেয়া নকৰিলে, ভবা নাছিলে, মই কংগ্ৰেছত থাকোঁতে ২০১১ চনতে বাৰে বাৰে বিদ্যুত‌ উৎপাদনৰ কথা কৈছিলো, কিন্তু এটা ফাইলো বিভাগত দেখা নাপালোঁ। তৰুণ গগৈৰ কাৰ্যকালত অধিক সময় বিদ্যুৎ মন্ত্ৰী আছিল প্ৰদ্যুৎ বৰদলৈ। মই বেলেগ বিভাগক হস্তক্ষেপ কৰাটো প্ৰয়োজন নহয় বুলি বিদ্যুতৰ কথা প্ৰদ্যুৎ বৰদলৈক কোৱা নাছিলোঁ, আনকি ৰকিবুল হুছেইন ডাঙৰীয়া কিছু বছৰৰ বাবে এই বিভাগৰ মন্ত্ৰী হৈ থাকোঁতেও কোৱা নাছিলোঁ। ইফালে বিদ্যুতৰ চাহিদা কিয় বাঢ়িল সেই সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ৰাজ্যত উদ্যোগ বৃদ্ধি পাইছে,‌ নতুনকৈ সংস্থাপন হৈছে বহু উদ্যোগ। গতিকে বিদ্যুতৰ চাহিদা সেয়ে বাঢ়িছে। নতুনকৈ স্থাপন হ’ব লগা পেপচিক’ কোম্পানীকো প্ৰয়োজন হ’ব ২৫মেগাৱাট বিদ্যুত। ৰাজ্যত উদ্যোগীকৰণক লৈ ৪০হাজাৰ কোটি বিনিয়োগ কৰিব উদ্যোগপতি/কোম্পানীয়ে। এক লাখ নিযুক্তিৰ ভিতৰত চাকৰি লাভ কৰাসকলেও এখনৰ ঠাইত দুখন ফেন লগাইছে নিজৰ ঘৰত। গতিকে এয়া স্বাভাৱিক। অসমত বিদ্যুৎ উৎপাদনৰ কাৰণে বিধানসভাই অখিল গগৈৰ নেতৃত্বত কমিটী বনাই দিয়ক বুলিও কয় তেওঁ। মাৰ্ঘেৰিটাত আমি বিদ্যুৎ উৎপাদন প্ৰকল্প নিৰ্মাণ কৰিব পাৰো, কিন্তু পৰিবেশ প্ৰদূষণৰ কাৰণে প্ৰতিবাদ হ’ব (পূৰ্বেও পৰিৱেশ বিনষ্ট হ’ব বুলি অখিল গগৈয়ে আন্দোলন কৰি আছিল)। এন এইচ পি চিৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা আন্দোলনৰ বাবে আমি বিদ্যুৎ হেৰুৱাইছো ৫০০ মেগাৱাট আৰু এই অখিল গগৈয়ে এতিয়া বিধানসভাত বিদ্যুতৰ নাটনিৰ কথা কয়। ১০ বছৰৰ বাবে এই বিদ্যুৎ ৰাজ্যই লাভ কৰিলে হয়, অসমত পাৱাৰ প্ৰজেক্ট স্থাপন কৰাৰ কোনে সুবিধা নাই। ২০২২-২৩ত ৰাজ্যত বিদ্যুতৰ নাটনি হ’ব বুলি তেতিয়া কংগ্ৰেছে ভৱাই নাছিল।

You might also like