পীতাম্বৰ দেৱগোস্বামীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ সদৌ গোলাঘাট জিলা ছাত্র সন্থা আৰু ড° ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতি, গোলাঘাটৰ উদ্যোগত ৫ অক্টোবৰত গোলাঘাট শ্বহীদ ভৱনত অনুষ্ঠিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা স্মৃতি দিৱসৰ অনুষ্ঠানত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা ২০২৪ বৰ্ষৰ বাবে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰাত মাজুলীৰ বৌদ্ধিক মহলৰ লগতে বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কালি সত্ৰাধিকাৰ গৰাকীক উক্ত বঁটা লাভ কৰাত আউনীআটী অঞ্চলৰ ৰাইজ, সত্ৰৰ লগতে আউনীআটী শাখা মহিলা সমিতি, লেখিকা সমাৰোহ সমিতিৰ প্ৰতিনিধি তথা আউনীআটী বিশ্ববিদ্যালয়ৰ মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ প্ৰশিক্ষক- কৰ্মচাৰীয়ে সম্বৰ্ধনা জনায়। এই লৈ কালি বিয়লি আউনীআটী সত্ৰৰ অধিকাৰ চ’ৰাত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক তুলসী ৰাজখোৱাই। ৰাজখোৱাই সত্ৰাধিকাৰ গৰাকীয়ে সত্ৰাধিকাৰৰ দৰে মৰ্যাদাপূৰ্ণ এখন আসনত থাকিও যিদৰে সকলোকে লৈ এখন সমন্বয়ৰ সমাজ প্ৰতিষ্ঠাৰ বাবে কাম কৰি গৈছে যাৰ স্বীকৃতি স্বৰূপে সুধাকন্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটাৰ দৰে গুৰুত্বপূৰ্ণ বঁটাৰ অধিকাৰী হোৱাত তেওঁ আনন্দ অনুভৱ কৰাৰ লগতে এনে কৰ্ম কৰি যাবলৈ সত্ৰাধিকাৰ গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ইয়াৰ পিছতেই এটি কাঁহৰ জাপি, চেলেঙেৰে আনুষ্ঠানিকভাৱে সত্ৰাধিকাৰ গৰাকীক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি সত্ৰাধিকাৰ গৰাকীয়ে সুধাকন্ঠৰ কালজয়ী গীত সাগৰ সংগমত কতনা সাতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত…শীৰ্ষক গীতটো গুণগুণাই কয় যে আমাৰ জীৱনটোও সঁচাকৈয়ে তেনেকুৱা এটা জীৱনেই। ৰাইজৰ কাৰণে সেৱাত ব্ৰতী হৈছোঁ। সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু সেৱা যথাৰ্থ ভাৱে কৰিব পৰা নাই তথাপিও ক্লান্ত হোৱা নাই বুলি তেওঁ উল্লেখ কৰি সুধাকন্ঠ ড° ভূপেন হাজৰিকা সংহতি এই বঁটাই তেওঁক সমাজৰ কাৰণে অক্লান্ত ভাৱে কাম কৰি যোৱাৰ শক্তি যোগালে বুলি উল্লেখ কৰে। অনুষ্ঠানটোত লেখিকা মৃণালী দেৱী বৰা, আউনীআটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ অধ্যাপক গোৱিন্দ বৰা ওজা, সমাজকৰ্মী জগত হাজৰিকা, উৎপল বৰা, পৰাণজ্যোতি বৰা, ৰমেশ বৰা, কেশৱ কাকতিকে ধৰি অঞ্চলৰ বহুকেইগৰাকী লোক উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড