দুধনৈ-কৃষ্ণাই নৈৰ ভগ্ন মথাউৰি-খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
🎯ৰাজ্যৰ কৰবাত মথাউৰি ভাঙিলে দহ দিনৰ ভিতৰত মেৰামতি কৰা হব
নিয়মীয়া বাৰ্তা, ৭ জুন : আজি মন্ত্ৰী পীযুষ হাজৰীকাই দুধনৈ নদী আৰু কৃষ্ণাই নদীৰ ভগ্ন মথাউৰি আৰু খহনীয়া পৰিদৰ্শন কৰে৷ দুধনৈ নদীৰ দুটাকৈ স্থান ক্ৰমে মজকুৰি আৰু বামুনপাৰাত নদীৰ খহনীয়া আৰু ভগা মথাউৰি পৰিদৰ্শন কৰি কামৰ বুজ লয়৷ দুধনৈ নদী পৰিদৰ্শনৰ পিচতেই কৃষ্ণাই নদীৰ মথাউৰিয়ো পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ আজি দিনৰ ভাগত মন্ত্ৰী গৰাকীয়ে দুধনৈত উপস্থিত হৈ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু জল সম্পদ বিভাগৰ বিষয়া বৰ্গৰ সৈতে দুধনৈ নৈৰ খহনীয়া পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে দুধনৈ নৈয়ে টাঙাবাৰীৰ পৰা বামুনপাৰালৈ তিনিটাকৈ স্থান বাৰিষাৰ সময়ত খহনীয়াৰ সৃষ্টি কৰে আৰু টাঙাবাৰী, মজকুৰী আৰু বামুণপাৰাত ব্যাপক ক্ষয়ক্ষতি কৰে আৰু বিস্তীৰ্ণ অঞ্চল পানীয়ে বুৰাই পেলায় ৷ ফলত কেবা হেক্টৰ কৃষিভূমি বালিয়ে পুতি পেলায় ৷ আজি মন্ত্ৰীগৰাকীয়ে উক্ত বামুণপাৰা আৰু মজকুৰি অঞ্চলত উপস্থিত হৈ অঞ্চলবাসীৰ লগত মত বিনিময় কৰে আৰু বিভাগীয় কৰ্তৃপক্ষক মথাউৰি মেৰামতি কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে৷ মন্ত্ৰী গৰাকীয়ে কয় যে, এতিয়া যিহেতু বাৰিষা আৰম্ভ হৈছে বাৰিষাৰ পিচতেই এই ভগ্ন মথাউৰি স্থায়ীভাবে নিৰ্মাণ কৰি খহনীয়া ৰোধ কৰাৰ ব্যবস্থা কৰিব৷ যিহেতু বাৰিষাৰ সময়ত নদীত স্থায়ীকাম কৰাৰ বাবে অসুবিধা যদিও মথাউৰিসমূহ অস্থায়ীভাবে হলেও অতি ভালকৈ কাম কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগৰ বিষয়া কৰ্মচাৰীক ৷ বাৰিষাৰ পিছতে পৰ্যায়ক্ৰমে মথাউৰি সমূহৰ স্থায়ী কাম কৰাৰ ব্যৱস্থা কৰিব জল সম্পদ বিভাগে৷ গোৱালপাৰা জিলাৰ খৰমুজাৰ পৰা পঞ্চৰত্নলৈ থকা মথাউৰিৰ মেৰামতিৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে৷ আনহাতে দুধনৈৰ মথাউৰি পৰিদৰ্শন কৰাৰ পিচতে মন্ত্ৰী গৰাকীয়ে কৃষ্ণাই নদীৰ মথাউৰি আৰু খহনীয়া পৰিদৰ্শন পৰি তৎক্ষানিক ভাবে মেৰামতি কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক৷ মন্ত্ৰী হাজৰীকাই পুনৰ কয় যে এতিয়া কৰবাত মথাউৰি ভাঙিলে দহ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব৷ আনহাতে জলসম্পদ বিভাগৰ তথ্য মতে অসমত এতিয়া ২৬৪ কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে৷ এই মথাউৰিসমূহৰ PPP (Power Point Presentation) বনাবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷ মথাউৰিসমূহৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰে মন্ত্ৰীগৰাকীয়ে৷ মজবুত আৰু শক্তিশালী মথাউৰি নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰয়োজন হ’ব৷ সেয়েহে প্ৰয়োজনীয় ভূমিখিনি ৰাইজে দান কৰি উপকাৰ কৰিবলৈ আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰীকাই৷ ইয়াৰ উপৰি নদীৰ মথাউৰি খহনীয়াৰ মুল কাৰণ হিচাবে বিবেচত দুধনৈ আৰু কৃষ্ণাই নৈৰ বালি মেচিনেৰে খনন কৰা বিষয়টো স্থানীয়ভাৱে আলোচনা কৰি সমস্যাটো সমাধানৰ আশ্বাস প্ৰদান কৰে৷
প্ৰেৰক বেনজিন বড়ো