‘ৰাইজে নীতি-নিয়ম নামানিলে পুনৰ ঘোষণা কৰা হ’ব লকডাউন’
নিয়মীয়া বাৰ্তা, ১৩জুনঃ ৰাইজে নীতি-নিয়ম নামানিলে পুনৰ হ’ব লকডাউন। এই ঘোষণা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। সাংবাদিকৰ আগত তেওঁ কয় যে ৰাইজে যদি নীতি-নিয়ম নামানে অত্যাচাৰ আৰম্ভ কৰে তেন্তে পুনৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।
বহু সময়ত মানুহে মাস্ক নহোৱাকৈ ঘূৰি-ফুৰা পৰিলক্ষিত হৈছে। সামাজিক দূৰত্ব নমনাকৈ একাংশ লোক ঘূৰি ফুৰিছে গতিকে ৰাইজ সজাগ হওঁক। গুৱাহাটীখন যিহেতু ডাঙৰ গতিকে বহুলোক ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ আক্ৰান্ত হৈছে সেয়ে সকলোখিনি জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে। সজাগ আৰু সচেতনতাই এই মহামাৰীৰ পৰা আমাক ৰক্ষা কৰিব।